CAA- অসমত ৭০ জনে নাগৰিকত্বৰ বাবে আবেদন, ৬ জনক নাগৰিকত্ব প্ৰদান
- অসমত CAA-ৰ অধীনত ৭০ জনে নাগৰিকত্বৰ বাবে আবেদন দিছে
- এতিয়ালৈকে ৬ জনে নাগৰিকত্ব লাভ কৰিছে
- অসম আঁচনিৰ অধীনত ১,৭২,৬৭৩ জন বিদেশী চিনাক্ত
- ৩১,৭৮৯ জন বিদেশীক ৰাজ্যৰ পৰা বিতাড়িত কৰা হৈছে
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী,অসম ৭ জুলাই : অসমত নাগৰিকত্ব সংশোধনী আইনৰ অধীনত ৭০ জনে এতিয়ালৈকে আবেদন দিছে, যাৰ ভিতৰত ৬ জনক নাগৰিকত্ব প্ৰদান কৰা হৈছে। ৰাজ্যত অসম আঁচনিৰ অধীনত ১,৭২,৬৭৩ জন বিদেশী চিনাক্ত হৈছে।
গুৱাহাটী, ৬ জুলাই: নাগৰিকত্ব সংশোধনী আইন (CAA)-ৰ অধীনত অসমত এতিয়ালৈকে মুঠ ৭০ জনে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিছে আৰু তাৰে ৬ জনে নাগৰিকত্ব লাভ কৰিছে। এই কথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত লিখিত উত্তৰত জনাইছে।
মুখ্যমন্ত্ৰীয়ে জনোৱা মতে, অসম আঁচনিৰ অধীনত এতিয়ালৈকে ৰাজ্যত ১,৭২,৬৭৩ জন বিদেশী চিনাক্ত কৰা হৈছে। তাৰ ভিতৰত ৩১,৭৮৯ জন বিদেশীক ৩০ জুনলৈকে ৰাজ্যৰ পৰা বিতাড়িত কৰা হৈছে আৰু আন ৭৩,৭৫৯ জনৰ গোচৰ বিদেশী ট্ৰাইবুনেলত চলি আছে।
গোৱালপাৰা জিলাৰ মাতিয়া ট্রানজিট কেম্পত ১৭৪ জন চিনাক্ত বিদেশীক আটক কৰি ৰখা হৈছে। এই ট্ৰানজিট আৰু ডিটেনশন কেম্প স্থাপনলৈ এতিয়ালৈকে ১,৮৬,১৫,৬৪২ টকা খৰচ হৈছে।
২০২৫ চনৰ ডিচেম্বৰত বৰাক উপত্যকাৰ দুইগৰাকী আৰু ২০২৬ চনৰ মাৰ্চত কাচাৰৰ এজন মহিলাক নাগৰিকত্ব দিয়া হৈছিল, যিয়ে আগতে বিদেশী হিচাপে ঘোষিত হৈ প্ৰায় দুই বছৰৰ বাবে বন্দী আছিল।
