Global Assam News

Global and Local Assam News Website

গুৱাহাটী ৰিং ৰোডৰ ভূমি ক্ষতিপূৰণ : উত্তৰ কামৰূপত ভূমি-মালিকৰ অসন্তোষ

গুৱাহাটী ৰিং ৰোডৰ ভূমি ক্ষতিপূৰণ : উত্তৰ কামৰূপত ভূমি-মালিকৰ অসন্তোষ
  • গুৱাহাটী ৰিং ৰোড প্ৰকল্পত ভূমি ক্ষতিপূৰণ লৈ তীব্ৰ অসন্তোষ
  • ক্ষতিপূৰণৰ ন্যায্য মূল্য নোপোৱাৰ অভিযোগ
  • জিলা প্ৰশাসনে ভয়-ভীতিৰ পৰিবেশ সৃষ্টি কৰাৰ অভিযোগ
  • বহু ভূমি-মালিকে ন্যায্য ক্ষতিপূৰণ নোপোৱা পৰ্যন্ত ভূমি নোহোৱাব বুলি স্পষ্ট ঘোষণা

সমগ্ৰ সমাচাৰ সেৱা

উত্তৰ কামৰূপ ,৭ জুলাই : উত্তৰ কামৰূপ জিলাৰ বিভিন্ন গাঁৱত ৰাজ্য চৰকাৰৰ গুৰুত্বপূর্ণ গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ ভূমি অধিগ্ৰহণক লৈ ভূমি-মালিকৰ মাজত তীব্ৰ অসন্তোষ দেখা দিছে। বিশেষকৈ কাৰাৰা, বাৰেগাঁও, নানাৰা, মাজগাঁও, মাৰু আদি গাঁৱৰ ভূমি-মালিকে ক্ষতিপূৰণৰ ন্যায্য মূল্য নিদিয়া বুলি অভিযোগ তুলিছে। ভূমি-মালিকসকলে কয়, চৰকাৰৰ উন্নয়নমূলক কাম-কাজক সমৰ্থন জনাইও, যথোপযুক্ত ক্ষতিপূৰণ নোপোৱা পৰ্যন্ত কোনো অৱস্থাতে ভূমি হস্তান্তৰ কৰিব নোৱাৰি।

স্থানীয় ভূমি-মালিকসকলে অভিযোগ কৰে, ভূমি অধিগ্ৰহণৰ সময়ত জিলা প্ৰশাসনে বিভিন্ন দলিল সংগ্ৰহৰ নামত ভয়-ভীতি আৰু চাপেৰে পৰিবেশ সৃষ্টি কৰিছে। ইফালে, ক্ষতিপূৰণৰ মূল্যৰ ওপৰত অসন্তুষ্টি দিনক দিনে বৃদ্ধি পাইছে আৰু বহু মালিকে ক্ষোভ প্ৰকাশ কৰিছে।

বিষয়টোৰ বাবে অঞ্চলত উত্তেজনা বৃদ্ধি পাইছে আৰু বহু লোকেই চৰকাৰক ন্যায্য ক্ষতিপূৰণৰ দাবীত আন্দোলন চলাবলৈ সাজু হৈছে। এতিয়া প্ৰশাসনে এনেধৰণৰ অভিযোগৰ ওপৰত তৎপৰভাৱে পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তা দেখা গৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *