নৰেন্দ্ৰ মোদী বিচাৰ মঞ্চ: জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত বৰাক অসম ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী ৬ জুলাই : ঃ ৰাষ্ট্ৰ গঠন আৰু বিকাশবাদৰ বাৰ্তা লৈ আগবাঢ়ি অহা নৰেন্দ্ৰ মোদী বিচাৰ মঞ্চৰ অসম ৰাজ্যিক সভাপতি হিচাপে জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট সমাজকৰ্মী প্ৰশান্ত বৰাক নিযুক্তি দিয়া হয়। আহমেদাবাদৰ বেজলপুৰত অৱস্থিত সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা জাৰি কৰা নিযুক্তি পত্ৰ নং অ/১৫/২৬ অনুসৰি নৰেন্দ্ৰ মোদী বিচাৰ মঞ্চৰ ৰাষ্ট্ৰীয় সভাপতি ডঃ অমৰনাথ সোনীয়ে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ প্ৰশান্ত বৰাক সভাপতি হিচাপে নিযুক্তি দিয়ে। ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে আশা কৰা মতে ৰাষ্ট্ৰ নিৰ্মাণৰ সামগ্ৰিক কামত সাংবাদিক প্ৰশান্ত বৰাই স্বচ্ছতা আৰু নিষ্ঠাৰে কাম কৰিব বুলি সংগঠনটোৰ সম্পূৰ্ণ বিশ্বাস আছে।
তেখেতৰ নেতৃত্বত উৎকৃষ্ট ভাৰতৰ সপোন বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি আশা প্ৰকাশ কৰা হৈছে। সংগঠনটোৰ মূল মন্ত্ৰ হৈছে- পেট কো ৰুটি,দেশ কা মোডী আৰু ন’ প্ৰান্তবাদ, ন’ জাতিবাদ, অব্ চলে চিৰ্ফ বিকাশবাদ। উল্লেখ্য যে নিযুক্তি পত্ৰৰ প্ৰতিলিপি সংগঠনৰ ৰাষ্ট্ৰীয় সভাপতি তথা মুখ্য সমন্বয়ক ৰবি চাণক্য, মুখ্য সাধাৰণ সম্পাদক আৰু প্ৰান্তীয় সংগঠনৰ দায়িত্বত থকা সকলোলৈ প্ৰেৰণ কৰা হৈছে বুলি পত্ৰযোগে জানিবলৈ দিয়ে
