Global Assam News

Global and Local Assam News Website

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম MEMU ৰেল আগৰতলা-শ্ৰীভূমিলৈ যাত্ৰা আৰম্ভ

সমগ্ৰ সমাচাৰ সেৱা
আগৰতলা,৫ জুলাই: উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম MEMU (Mainline Electric Multiple Unit) ৰেলখনে আজি আগৰতলা আৰু অসমৰ শ্ৰীভূমিৰ মাজত যাত্ৰা আৰম্ভ কৰিছে। ত্রিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাৰ হাতত এই ৰেলখন উদ্বোধন হয়। MEMU ৰেলখনত ৩,৬০০ যাত্ৰীৰ বহনক্ষমতা আছে আৰু যাত্ৰীৰ সুৰক্ষা আৰু আৰামৰ বাবেই ইয়াত CCTV কেমেৰা আৰু GPS সংলগ্ন কৰা হৈছে।

উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু ৰেলমন্ত্রী অশ্বিনী বৈষ্ণৱক ধন্যবাদ জ্ঞাপন কৰি কয়, “এইটো উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম MEMU সেৱা, যিয়ে অঞ্চলটোৰ দুটা চহৰ সংযোগ কৰিব।” তেওঁ লগতে উল্লেখ কৰে, ত্রিপুৰাৰ ৰেল নেটৱৰ্ক এতিয়া চাব্ৰূমলৈকে বিস্তৃত হৈছে আৰু চাব্ৰূমৰ মাজেৰে বাংলাদেশৰ ৰামগড়লৈ ‘মৈত্রী সেতু’ operational হ’লে নতুন সংযোগৰ দ্বাৰ মুকলি হ’ব।

আগৰতলা-আখাউৰা (বাংলাদেশ) ৰেল সংযোগো অতি শীঘ্ৰে operational হব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। এই সংযোগেৰে দুয়োদেশৰ নাগৰিকে সহজে যাতায়াত কৰিব পাৰিব। অসমৰ চন্দ্ৰনাথপুৰ আৰু চাব্ৰূমৰ মাজত ডাবল লাইন স্থাপন প্ৰস্তাৱো চৰকাৰে আগবঢ়াইছে, যাৰ ২৬৩ কিলোমিটাৰৰ ফাইনেল লোকেশ্যন ছার্ভে সম্পূৰ্ণ হৈছে আৰু DPR চূড়ান্ত পর্যায়ত আছে।

ত্ৰিপুৰাৰ পৰিবহণ মন্ত্ৰী সুশান্ত চৌধুৰীয়ে কয়, বৰ্তমানে ৰাজ্যৰ পৰা ১৮টা ৰেল চলিছে, য’ত ১৩টা এক্সপ্ৰেছ আৰু ৫টা DEMU সেৱা অন্তর্ভুক্ত। অব্যাহত উন্নয়ন আৰু সংযোগৰ জৰিয়তে সকলো অংশলৈ উন্নয়নৰ সুফল দিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ উল্লেখ কৰে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *