অষ্ট্ৰেলিয়া : মোদীক মৃত্যু হুমকি, তদন্তত অষ্ট্ৰেলিয়া আৰক্ষী
সমগ্ৰ সমাচাৰ সেৱা
৫ জুলাই: অষ্ট্ৰেলিয়া গৈ থকা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘প্ৰাণনাশৰ হুমকি’ দিয়া হৈছে। ফেচবুক প’ষ্টৰ মন্তব্যত এই হুমকি দিয়া হৈছে বুলি স্থানীয় সংবাদমাধ্যমৰ খবৰত প্ৰকাশ। অষ্ট্ৰেলিয়া টুডে-ৰ প্ৰতিবেদন অনুসৰি, মোদী ইণ্ডোনেচিয়া হৈ ৮ জুলাই অষ্ট্ৰেলিয়ালৈ যাব আৰু ৯ জুলাই মেলব’ৰ্ণৰ মাৰ্ভেল ষ্টেডিয়ামত এখন অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
সংবাদমাধ্যমৰ মতে, “আবু মুস্তাফা” নামৰ এখন ফেচবুক একাউণ্টৰ পৰা এই হুমকি দিয়া হয়। বিষয়টো লক্ষ্য কৰি অষ্ট্ৰেলিয়া ফেডাৰেল আৰক্ষীক জনোৱা হৈছে। আৰক্ষীয়ে ততাতৈয়াকৈ সেই মন্তব্যৰ সৈতে জড়িত IP ঠিকনা চিনাক্ত কৰিছে আৰু অভিযুক্তক বিচাৰি তদন্ত চলিছে। যদিও এতিয়ালৈকে আৰক্ষীৰ ফালৰ পৰা আনুষ্ঠানিক মন্তব্য আহি পোৱা নাই।
মোদীৰ সফৰত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনি আলবানিজৰ সৈতে দ্বিপাক্ষিক বৈঠক, বাণিজ্য, সুৰক্ষা, প্ৰযুক্তি আদিত সহযোগিতা আলোচনাৰ কথা আছে। তেওঁ মেলব’ৰ্ণৰ গভৰ্ণৰ জেনেৰেল ছেম মোস্টিনৰ সৈতে সাক্ষাৎ আৰু প্ৰবাসী ভাৰতীয়ৰ অনুষ্ঠানতো অংশ ল’ব। ইণ্ডোনেচিয়া আৰু অষ্ট্ৰেলিয়াৰ পিছত, মোদী নিউজিলেণ্ডলৈ যাব।
অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী আলবানিজে কয়, ভাৰত-অষ্ট্ৰেলিয়া সম্পৰ্ক বৰ্তমান বহুত গুৰুত্বপূর্ণ আৰু সহযোগিতাৰ দ্বাৰা দুয়োখন দেশেই লাভান্বিত হৈছে।
এই হুমকি ঘটনাৰ পাছত দুয়ো দেশৰ সুৰক্ষা সংস্থা সতৰ্কতা বৃদ্ধি কৰিছে আৰু সামাজিক মাধ্যমত নিৰীক্ষণ চলাই আছে।
