জামুগুৰিহাটৰ পাতলৰচুকত সামৰণি পৰিল ২৭১ বছৰীয়া ঐতিহাসিক বোকাখেচা ভাওনা
সমগ্ৰ সমাচাৰ সেৱা
জামুগুৰিহাট, ৬ ছেপ্টেম্বৰ :ভক্তি, পৰম্পৰা আৰু লোকবিশ্বাসৰ এক অনন্য সমন্বয়ৰ সাক্ষী হৈ পৰিল জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত পাতলৰচুক গাঁও। গাঁওখনত সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতি আৰু পৰম্পৰা অনুসৰি সামৰণি পৰিল ২৭১ বছৰীয়া ঐতিহাসিক বোকাখেচা ভাওনাৰ। ৪ আৰু ৫ ছেপ্টেম্বৰত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই ঐতিহ্যমণ্ডিত অনুষ্ঠানক কেন্দ্ৰ কৰি পাতলৰচুক গাঁৱৰ নামঘৰলৈ হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটে।
প্ৰথমদিনাৰ ভাওনা অনুষ্ঠানৰ পিছত দ্বিতীয় দিনা বিয়লি পৰম্পৰা অনুসৰি অনুষ্ঠিত হয় বোকাখেচা ভাওনা। কৃষ্ণৰ জন্মৰ পিছত প্ৰজাসকলে গকুলৰ ৰজা নন্দৰ ঘৰলৈ আনন্দ-উলাহেৰে খবৰ দিবলৈ যাত্ৰা কৰে। হাতত ঘি, মাখন, দৈ আৰু মৌ লৈ ভক্তপ্ৰাণ ৰাইজে এই আনন্দযাত্ৰাত অংশগ্ৰহণ কৰে। যাত্ৰাপথত সৃষ্টি হোৱা বোকাময় পৰিৱেশৰ মাজেৰে ভক্তসকল আগবাঢ়ি যোৱাটোৱেই এই বিশেষ পৰম্পৰাৰ মূল বৈশিষ্ট্য।
এই পৰম্পৰাৰ পৰাই ‘বোকাখেচা ভাওনা’ নামটোৰ উৎপত্তি হোৱা বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। ধৰ্মীয় বিশ্বাস আৰু লোকাচাৰৰ সৈতে গভীৰভাৱে জড়িত এই অনুষ্ঠানক লৈ অঞ্চলটোৰ ৰাইজৰ মাজত বছৰ বছৰ ধৰি বিশেষ উৎসাহ আৰু আস্থা দেখা যায়।
লোকবিশ্বাস অনুসৰি বোকাখেচা ভাওনাৰ বোকা শিৰত ল’লে ভক্তসকলৰ মনোবাঞ্ছা পূৰণ হয়। বিশেষকৈ নিসন্তান দম্পতীয়ে এই বোকা শিৰত ল’লে সন্তান লাভ কৰে বুলি বহু লোকৰ বিশ্বাস। এই বিশ্বাসৰ বাবেই ভাওনাৰ অন্তত ভক্তসকলে শ্ৰদ্ধা আৰু ভক্তিৰে বোকা সংগ্ৰহ কৰি ঘৰলৈ লৈ যায়।
অনুষ্ঠানত অংশগ্ৰহণ কৰা বহু ভক্তই পৰিয়ালৰ আন সদস্যসকলৰ বাবেও এই পৱিত্ৰ বুলি বিশ্বাস কৰা বোকা সযতনে বান্ধি ঘৰলৈ লৈ যোৱা পৰিলক্ষিত হয়। ইয়াৰ ফলত ধৰ্মীয় অনুষ্ঠানটোৰ সৈতে জড়িত লোকবিশ্বাস আৰু পাৰিবাৰিক আস্থাৰ এক বিশেষ ৰূপো প্ৰকাশ পায়।
উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে, বোকাখেচা ভাওনা কেৱল সাধাৰণ ভাওনা অনুষ্ঠান নহয়; ই এক বিশেষ পৰম্পৰাগত গীত-মাত আৰু ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ মাজেৰে সম্পন্ন কৰা হয়। যুগ যুগ ধৰি চলি অহা এই পৰম্পৰাই পাতলৰচুক গাঁৱৰ ঐতিহ্য আৰু সাংস্কৃতিক পৰিচয়কো বহন কৰি আহিছে।
২৭১ বছৰীয়া এই ঐতিহাসিক পৰম্পৰাক লৈ এইবাৰো ভক্তসকলৰ ব্যাপক উপস্থিতিয়ে পাতলৰচুক নামঘৰক এক আধ্যাত্মিক পৰিৱেশেৰে মুখৰিত কৰি তোলে। সময়ৰ পৰিৱৰ্তনৰ মাজতো এনে লোক-পৰম্পৰা আৰু ধৰ্মীয় অনুষ্ঠান জীয়াই থকাটোৱে অসমৰ গ্ৰাম্য সমাজৰ সাংস্কৃতিক শিপা কিমান গভীৰ, সেয়া পুনৰ প্ৰতিফলিত কৰিলে।
