November 22, 2026

Global Assam News

Global and Local Assam News Website

অসমৰ ১৯গৰাকী আৰক্ষীলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দক্ষতা পদক

অসমৰ ১৯গৰাকী আৰক্ষীলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দক্ষতা পদক
  • অসমৰ ১৯গৰাকী আৰক্ষী কৰ্মী নিৰ্বাচিত।

  • দেশজুৰি ৪৯০গৰাকীলৈ পদক ঘোষণা।

  • বিশেষ অভিযান, তদন্ত আৰু ফৰেনছিক বিজ্ঞানত স্বীকৃতি।

  • ৩১ অক্টোবৰত ৰাষ্ট্ৰীয় একতা দিৱসৰ সৈতে ঘোষণা।

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ৩১ অক্টোবৰ: অসমৰ আৰক্ষী বিভাগলৈ ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি। ২০২৬ বৰ্ষৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দক্ষতা পদক (Kendriya Grihmantri Dakshata Padak) লাভৰ বাবে অসমৰ ১৯গৰাকী আৰক্ষী কৰ্মীক নিৰ্বাচিত কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আজি চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী তথা ৰাষ্ট্ৰীয় একতা দিৱসৰ সৈতে সংগতি ৰাখি এই পদকৰ তালিকা ঘোষণা কৰে।

সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু কেন্দ্ৰীয় আৰক্ষী সংগঠনৰ মুঠ ৪৯০গৰাকী কৰ্মীক এই পদকৰ বাবে নিৰ্বাচিত কৰা হৈছে।

অসমৰ নিৰ্বাচিত আৰক্ষী কৰ্মীসকল

অসমৰ নিৰ্বাচিত ১৯গৰাকী আৰক্ষী কৰ্মীৰ ভিতৰত ড° পাৰ্থসাৰথি মহন্ত, প্ৰণৱ কুমাৰ পেগু, কল্যাণ কুমাৰ পাঠক, অনুৰাগ শৰ্মা, ৰোজী তালুকদাৰ, কমলেশ সিং, ভাস্কৰ মল্ল পাটোৱাৰী, চন্দনজ্যোতি বৰা, বিক্ৰম বসুমতাৰী, ড° শংকৰজ্যোতি নাথ, কপিল পাঠক, ৰোহিত দাস, অংখুমি কলিতা, ডেইজী নাথ, জিতুমণি ৰাভা, প্ৰণৱজ্যোতি ভট্টাচাৰ্য, আহমেদ আলী, কমল বড়ো আৰু বাকুল মেধিৰ নাম আছে।

ইয়াৰ ভিতৰত বিভিন্ন পদবীত কৰ্মৰত জ্যেষ্ঠ আৰক্ষী বিষয়া, পৰিদৰ্শক, উপ-পৰিদৰ্শক আৰু অন্যান্য আৰক্ষী কৰ্মী অন্তৰ্ভুক্ত হৈছে।

দেশজুৰি ৪৯০গৰাকীলৈ পদক

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, এইবাৰ মুঠ ৪৯০গৰাকী কৰ্মীক পদকৰ বাবে নিৰ্বাচিত কৰা হৈছে। ইয়াৰে ৩৫৮গৰাকীক বিশেষ অভিযানত আগবঢ়োৱা অৱদানৰ বাবে, ১২৩গৰাকীক তদন্তৰ উৎকৰ্ষতাৰ বাবে আৰু ৯গৰাকীক ফৰেনছিক বিজ্ঞানৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে স্বীকৃতি দিয়া হৈছে।

২০২৪ চনৰ ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই পদক প্ৰৱৰ্তন কৰিছিল। আৰক্ষী, নিৰাপত্তা, চোৰাংচোৱা, তদন্ত আৰু ফৰেনছিক বিজ্ঞানৰ ক্ষেত্ৰত পেছাদাৰী দক্ষতা আৰু উৎকৃষ্ট কৰ্মদক্ষতাক স্বীকৃতি দিয়াই এই পদকৰ মূল উদ্দেশ্য।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *