October 16, 2026

Global Assam News

Global and Local Assam News Website

WhatsApp ‘বছ স্কেম’ত অসমত লাখ লাখ টকাৰ প্ৰতাৰণা
  • WhatsAppৰ জৰিয়তে ‘বছ স্কেম’ৰ নতুন কৌশল
  • ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীক লক্ষ্য কৰি প্ৰতাৰণা
  • লাখ লাখ টকা অন্য বেংক একাউণ্টলৈ স্থানান্তৰ
  • চাইবাৰ অপৰাধৰ বিৰুদ্ধে সতৰ্ক হ’বলৈ আৰক্ষীৰ আহ্বান

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী,২৬ ছেপ্টেম্বৰ: অসমত WhatsApp-ভিত্তিক ‘বছ স্কেম’ৰ ঘটনা পোহৰলৈ আহিছে। এই প্ৰতাৰণাত চাইবাৰ অপৰাধীয়ে ব্যৱসায়িক প্ৰতিষ্ঠানৰ মালিক বা ঊৰ্ধ্বতন বিষয়াৰ নাম আৰু প্ৰফাইল ফটো ব্যৱহাৰ কৰি কৰ্মচাৰীৰ সৈতে যোগাযোগ কৰে। পিছত জৰুৰী প্ৰয়োজনৰ কথা উল্লেখ কৰি নিৰ্দিষ্ট বেংক একাউণ্টলৈ ধন স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিয়ে।

কৰ্মচাৰীৰ বিশ্বাসক লক্ষ্য কৰি ধন হৰলুকি

প্ৰতাৰকৰ পৰিচয়ক প্ৰকৃত বুলি বিশ্বাস কৰি একাংশ কৰ্মচাৰীয়ে নিৰ্দেশ অনুসৰি ধন স্থানান্তৰ কৰে। গুৱাহাটীৰ এটা ঘটনাত এগৰাকী কৰ্মচাৰীক WhatsAppৰ জৰিয়তে ব্যৱসায়িক প্ৰতিষ্ঠানৰ মালিকৰ পৰিচয় লৈ ১০ লাখ টকা RTGSৰ জৰিয়তে স্থানান্তৰ কৰিবলৈ কোৱা হৈছিল। অভিযোগ লাভ কৰাৰ পিছত চাইবাৰ অপৰাধ শাখাই লেনদেনটো অনুসৰণ কৰি সম্পূৰ্ণ ধনখিনি হোল্ড

আৰক্ষীৰ সতৰ্কবাণী

 কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে যিকোনো ধৰণৰ বিত্তীয় নিৰ্দেশ WhatsApp বা আন মেছেজিং প্লেটফৰ্মত লাভ কৰাৰ পিছত ধন স্থানান্তৰৰ পূৰ্বে পৰিচয় নিশ্চিত কৰিবলৈ পৰামৰ্শ দিছে। প্ৰয়োজন হ’লে সংশ্লিষ্ট ব্যক্তিক পোনপটীয়াকৈ ফোন কৰি তথ্য পৰীক্ষা কৰিবলৈ কোৱা হৈছে। চাইবাৰ প্ৰতাৰণাৰ সন্মুখীন হ’লে তৎকালীনভাৱে ১৯৩০ চাইবাৰ হেল্পলাইনত যোগাযোগ কৰা বা National Cyber Crime Reporting Portal-ত অভিযোগ দাখিল কৰিবলৈ আহ্বান জনোৱা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *