Global Assam News

Global and Local Assam News Website

শাৰীৰিক শাস্তিৰ বলি ছাত্ৰঃ দুজন শিক্ষকক সাত বছৰৰ কাৰাদণ্ড

Oplus_131072

  • ২০১০ চনত শাৰীৰিক শাস্তিৰ ফলত ১২ বছৰীয়া ছাত্ৰৰ মৃত্যুৰ ঘটনাত দুজন শিক্ষক দোষী সাব্যস্ত।
  • মিৰ্জাৰ সৰস্বতী শিক্ষা নিকেতনৰ উপাধ্যক্ষ আৰু কম্পিউটাৰ শিক্ষকক সাত বছৰৰ কাৰাদণ্ড।
  • আদালতে ঘটনাক “জঘন্য প্ৰবৃত্তি”ৰ ফল বুলি মন্তব্য।
  • মৃত ছাত্ৰজনৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ।

১২ বছৰীয়া ছাত্ৰৰ মৃত্যুৰ ঘটনাত আদালতৰ কঠোৰ ৰায়

সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ২১ জুন: কামৰূপ জিলাৰ আমিনগাঁওৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশে ২০১০ চনত শাৰীৰিক শাস্তি প্ৰদান কৰি এজন ১২ বছৰীয়া ছাত্ৰৰ মৃত্যু ঘটোৱাৰ বাবে বিদ্যালয়ৰ উপাধ্যক্ষ আৰু এজন কম্পিউটাৰ শিক্ষকক সাত বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছে।

কি ঘটিছিল?
ঘটনাটো ২০১০ চনৰ ২৫ মে’ৰ। উক্ত দিনা মিৰ্জাৰ সৰস্বতী শিক্ষা নিকেতনত এজন ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ মৌচম ৰাজ মহন্তই হোমৱৰ্ক সম্পূৰ্ণ নকৰাৰ বাবে কম্পিউটাৰ শিক্ষক অজয় কুমাৰ সিঙে ছাত্ৰজনৰ বাওঁ আঁঠুত কেইবাবাৰো লাঠিৰে আঘাত কৰে। ইয়াৰ পিছতে তেওঁ ছাত্ৰজনক উপাধ্যক্ষ প্ৰসুন গোস্বামীৰ ওচৰলৈ লৈ যায়। তেৱোঁ ছাত্ৰজনৰ একেটা আঁঠুত আৰু তিনিটাকৈ কোব মাৰে।

আঘাতৰ ফলত মৃত্যু
এই আঘাতৰ ফলত ছাত্ৰজনৰ ছেপ্টিক আৰ্থৰাইটিছ আৰু মায়োচাইটিছ হৈ চেপ্টিক শ্বক হয়। শেষত ২০১০ চনৰ ৭ জুনত গুৱাহাটীৰ জি.এন.আৰ.চি. চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত ছাত্ৰজনে মৃত্যুক সাৱটি লয়।

আদালতৰ পৰ্যবেক্ষণ
অভিযুক্ত দুজনে ‘জঘন্য প্ৰবৃত্তি’ৰ দ্বাৰা পৰিচালিত হৈ এনে ঘটনা সংঘটিত কৰা বুলি মন্তব্য কৰি আদালতে কয় যে, দুজন প্ৰাপ্তবয়স্ক লোকে একাধিকবাৰ এটি শিশুক কোবাই থাকোঁতে তেওঁলোকে জানিব লাগিছিল যে এনে আচৰণ মৃত্যুৰ কাৰক হোৱাৰ সম্ভাৱনা আছে।

কি শাস্তি ঘোষণা কৰিলে আদালতে?
ভাৰতীয় দণ্ডবিধিৰ ৩২৫ আৰু ৩০৪ নং ধাৰাৰ (দ্বিতীয় খণ্ড) লগতে ধাৰা ৩৪ৰ অধীনত প্ৰসুন গোস্বামী আৰু অজয় কুমাৰ সিং দুয়োকে দোষী সাব্যস্ত কৰা হয়।

৩২৫ নং ধাৰাৰ অধীনত তেওঁলোকক এবছৰৰ কাৰাদণ্ড আৰু ১০ হাজাৰ টকাকৈ জৰিমনা বিহা হয়। আনহাতে, ৩০৪ (দ্বিতীয় খণ্ড) নং ধাৰাৰ অধীনত সাত বছৰৰ কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাকৈ জৰিমনা বিহা হয়। জৰিমনা অনাদায়ে অতিৰিক্ত ছ মাহৰ সাধাৰণ কাৰাদণ্ডৰ ব্যৱস্থাও ৰখা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *