নিমিষা ঠাকুৰীয়া গোচৰত ৰূপম শইকীয়াৰ অৱস্থানক লৈ নতুন প্ৰশ্ন
- ৰূপম শইকীয়াৰ অৱস্থানক লৈ প্ৰশ্ন
- ঘটনাৰ নিশা হোমষ্টেত উপস্থিত থকাৰ তথ্য
- জলুকবাৰী থানাত সন্ধানহীনতাৰ অভিযোগ
- আৰক্ষীৰ তদন্তত ৰূপমৰ গতিবিধি
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ৩০ ছেপ্টেম্বৰ: গুৱাহাটীৰ গৰলস্থিত হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ মাজতে ৰূপম শইকীয়াৰ অৱস্থানক লৈ নতুন প্ৰশ্নৰ উত্থাপন হৈছে। বৈহাটা চাৰিআলিৰ বাসিন্দা ৰূপমৰ সৈতে নিমিষা আৰু মূল অভিযুক্ত আশিক আলীৰ ঘটনাৰ নিশা হোমষ্টেত উপস্থিত থকাৰ তথ্য পোহৰলৈ আহিছে।
ঘটনাৰ নিশা হোমষ্টেত উপস্থিত আছিল ৰূপম
প্ৰতিবেদন অনুসৰি, ঘটনাৰ নিশা ৰূপমে নিমিষা আৰু আশিকৰ সৈতে হোমষ্টেতত সুৰাপান কৰিছিল বুলি জানিব পৰা গৈছে। পিছত নিশা প্ৰায় ১০ বজাত তেওঁ ঘৰলৈ উভতি যায়। পৰিয়ালৰ এজন সদস্যৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছত তেওঁ মিৰ্জালৈ যোৱা বুলিও প্ৰকাশ পাইছে।
আৰক্ষী থানালৈ যোৱাৰ পিছত সন্ধানক লৈ অনিশ্চয়তা
পিছদিনা ৰূপম ঘৰলৈ উভতি আহি দিনটো ঘৰত থকাৰ পিছত সন্ধিয়া মটৰচাইকেলেৰে আদাবাৰীলৈ যোৱা বুলি জানিব পৰা গৈছে। তাৰ পিছত পৰিয়ালে তেওঁৰ সৈতে যোগাযোগ কৰিব নোৱাৰাত জলুকবাৰী আৰক্ষী থানাত সন্ধানহীনতাৰ অভিযোগ দাখিল কৰে।
আৰক্ষীৰ তদন্তত গুৰুত্বপূৰ্ণ হৈ উঠিছে ৰূপমৰ গতিবিধি
শেহতীয়া তথ্য অনুসৰি, ৰূপমক মঙলবাৰে আৰক্ষীৰ সন্মুখত উপস্থিত হোৱা বুলি তেওঁৰ মাতৃয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে। আৰক্ষী থানাৰ পৰা ওলাই যোৱাৰ পিছত ৰূপমে পিতৃক ফোন কৰা বুলি মাতৃয়ে উল্লেখ কৰে। বৰ্তমান তেওঁৰ সঠিক অৱস্থানক লৈ পৰিয়ালৰ মাজত অনিশ্চয়তা অব্যাহত আছে। তদন্তকাৰী আৰক্ষীয়ে ৰূপমৰ গতিবিধি আৰু ঘটনাৰ সৈতে তেওঁৰ সম্ভাব্য সংযোগ পৰীক্ষা কৰি আছে।
