October 16, 2026

Global Assam News

Global and Local Assam News Website

নগাঁও উপ-নিৰ্বাচনত NDAৰ শেষ পৰ্যায়ৰ জোৰদাৰ প্ৰচাৰ

নগাঁও উপ-নিৰ্বাচনত NDAৰ শেষ পৰ্যায়ৰ জোৰদাৰ প্ৰচাৰ
  • নগাঁও উপ-নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ প্ৰচাৰ
  • ২,৩০৯টা বুথত একেলগে পদযাত্ৰা
  • হিমন্ত বিশ্ব শৰ্মাৰ ১৫খন জনসভা
  • ৯,৫০০ৰো অধিক উঠান বৈঠক

সমগ্ৰ সমাচাৰ সেৱা

নগাঁও, ৪ অক্টোবৰ: নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযান অন্তিম পৰ্যায়ত উপনীত হোৱাৰ লগে লগে NDA-এ তৃণমূল পৰ্যায়ত প্ৰচাৰ অধিক তীব্ৰ কৰিছে। NDAৰ প্ৰাৰ্থী দেৱাশিস শৰ্মাৰ সমৰ্থনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমষ্টিটোৰ ৮টা বিধানসভা খণ্ড সামৰি ১৫খন জনসভাত অংশগ্ৰহণ কৰে।

২,৩০৯টা বুথত একেলগে পদযাত্ৰা

নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত সমষ্টিটোৰ সকলো ২,৩০৯টা ভোটকেন্দ্ৰৰ বুথ কমিটীয়ে পুৱা ১১ বজাৰ পৰা একেলগে পদযাত্ৰা উলিয়াব। দলীয় কৰ্মী, স্থানীয় ভোটাৰ আৰু সমৰ্থকসকলক এই পদযাত্ৰাত অংশগ্ৰহণৰ বাবে আহ্বান জনোৱা হৈছে।

১,১০০ৰো অধিক সভা, ৯,৫০০ উঠান বৈঠক

দলীয় তথ্য অনুসৰি, মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, অগপ সভাপতি অতুল বৰাসহ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই সমষ্টিটোত ১,১০০ৰো অধিক সভা অনুষ্ঠিত কৰিছে। নগাঁও আৰু মৰিগাঁও জিলাৰ ২৫টা মণ্ডল কমিটীয়ে ঘৰে ঘৰে গৈ ভোটাৰ সংযোগৰ লগতে ৫,০০০ৰো অধিক উঠান বৈঠক অনুষ্ঠিত কৰে। বিজেপিৰ বিভিন্ন মৰ্চাই পৃথকে ৯,৫০০ৰো অধিক উঠান বৈঠক অনুষ্ঠিত কৰাৰ দাবী কৰিছে।

নগাঁও উপ-নিৰ্বাচনৰ প্ৰচাৰ সমাপ্তিৰ পূৰ্বে NDAৰ এই ব্যাপক বুথভিত্তিক কাৰ্যসূচীয়ে অন্তিম পৰ্যায়ৰ ভোটাৰ সংযোগত গুৰুত্ব দিয়া হৈছে বুলি দলীয় সূত্ৰই জনায়।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *