Global Assam News

Global and Local Assam News Website

কামৰূপ একাডেমীত গীত, উচ্চাৰণ আৰু আবৃত্তিৰ বিনামূলীয়া কৰ্মশালা

  • ৫ জুলাইৰ পৰা ১৫ জুলাইলৈ কামৰূপ একাডেমীত বিনামূলীয়া গীত, উচ্চাৰণ আৰু আবৃত্তিৰ কৰ্মশালা।
  • ভাৰতৰত্ন ড° ভূপেন হাজৰিকা আদি পাঁচগৰাকী বৰেণ্য ব্যক্তিৰ জন্মশতবাৰ্ষিকী উপলক্ষে বিশেষ প্ৰশিক্ষণ।
  • পঞ্চম শ্ৰেণীৰ পৰা সকলো বয়সৰ আগ্ৰহী প্ৰশিক্ষাৰ্থীৰ বাবে মুকলি।
  • বিশিষ্ট শিল্পী আৰু আবৃত্তিকাৰসকলে প্ৰশিক্ষণ আগবঢ়াব।

ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশৰ বাবে বছৰজোৰা বিভিন্ন শিক্ষামূলক আৰু ক্ৰীড়া কাৰ্যসূচীৰ ঘোষণা।

সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ২৮ জুন : কামৰূপ একাডেমী প্ৰাক্তন ছাত্ৰ সন্মিলন আৰু কামৰূপ একাডেমী উচ্চ মাধ্যমিক বিদ্যালয়ৰ যৌথ উদ্যোগত অহা ৫ জুলাইৰ পৰা ১৫ জুলাইলৈ বিদ্যালয়ৰ গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত গীত, উচ্চাৰণ আৰু আবৃত্তিৰ বিনামূলীয়া কৰ্মশালা আয়োজন কৰা হৈছে। প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১ বজালৈ এই কৰ্মশালা অনুষ্ঠিত হ’ব।

জন্মশতবাৰ্ষিকী উপলক্ষে বিশেষ সাংস্কৃতিক প্ৰশিক্ষণ
সংবাদমেলত সন্মিলনৰ সভাপতি মৃগেন শৰণীয়া আৰু সাধাৰণ সম্পাদক প্ৰিন্স ফাইজুল হকে জনোৱা মতে, এইবাৰৰ কৰ্মশালাত ভাৰতৰত্ন ড° ভূপেন হাজৰিকা, কেশৱ মহন্ত, ৰুদ্ৰ বৰুৱা, নবকান্ত বৰুৱা আৰু দিলীপ শৰ্মাৰ জন্মশতবাৰ্ষিকী উপলক্ষে তেখেতসকলৰ গীতৰ ওপৰত বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। ইয়াৰ লগতে শুদ্ধ অসমীয়া উচ্চাৰণ আৰু আবৃত্তিৰো প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে।

বিশিষ্ট শিল্পী আৰু আবৃত্তিকাৰৰ অংশগ্ৰহণ
গীতৰ প্ৰশিক্ষক হিচাপে মনিষা হাজৰিকা, ঘনকান্ত ডেকা, মনদ্বীপ মহন্ত আৰু অসীমজ্যোতি বৰুৱা উপস্থিত থাকিব। আনহাতে উচ্চাৰণ আৰু আবৃত্তিৰ প্ৰশিক্ষণ দিব উপম শইকীয়া, বিপুল চক্ৰৱৰ্তী, নিপাৰাণী হালৈ আৰু উদ্ভাবন শইকীয়াই।

ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশত গুৰুত্ব
সংবাদমেলত জানিবলৈ দিয়া হয় যে, কামৰূপ একাডেমীৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক, বৌদ্ধিক, মানসিক আৰু শাৰীৰিক বিকাশৰ বাবে বছৰজোৰা বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। কবিতা লিখা, আবৃত্তি, তৰ্ক-বিতৰ্ক, আলোচনা আদিৰ বাবে বিশেষ শ্ৰেণীৰ ব্যৱস্থা কৰাৰ লগতে যোগাসন, ভলীবল, ক্ৰিকেট, ফুটবল আৰু টেবুল টেনিছৰো প্ৰশিক্ষণ আগবঢ়োৱা হ’ব।

ইয়াৰ উপৰিও অসমীয়া আৰু ইংৰাজী ভাষাৰ শব্দভাণ্ডাৰ সমৃদ্ধ কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। অনাগত দিনত দক্ষতা বিকাশমূলক প্ৰশিক্ষণো আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে।

৯৬তম প্ৰতিষ্ঠা দিৱস উদযাপনৰ প্ৰস্তুতি
আহি থকা ১৫ জুলাই বিদ্যালয়ৰ ৯৬তম প্ৰতিষ্ঠা দিৱস বিদ্যালয় কৰ্তৃপক্ষ আৰু প্ৰাক্তন ছাত্ৰ সন্মিলনৰ যৌথ উদ্যোগত উদযাপনৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে।

নামভৰ্তি
এই কৰ্মশালাত অংশগ্ৰহণ কৰিব বিচৰা আগ্ৰহীসকলে কামৰূপ একাডেমী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা অথবা আয়োজকসকলৰ সৈতে যোগাযোগ কৰি নামভৰ্তি কৰিব পাৰিব।

সংবাদমেলত বিদ্যালয়ৰ অধ্যক্ষা স্মৃতি ৰেখা দেবী, সন্মিলনৰ মুখ্য উপদেষ্টা বলেন্দ্ৰ ভৰালী, বিশিষ্ট আবৃত্তিকাৰ উপম শইকীয়া আৰু ৰাজেশ আহমেদ উপস্থিত আছিল।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *