জাতিটোৰ স্বাভিমানৰ হকে যুঁজি নৱ চেতনাৰ জোৱাৰ আনিছিল
Oplus_131072
- বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু তিথিত অসম প্ৰদেশ বিজেপিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।
- ৰাভাদেউক “শ্ৰেষ্ঠ অসমীয়া” আখ্যা দিল বিজেপি সভাপতি দিলীপ শইকীয়াই।
- অসমৰ তিনিগৰাকী বিশিষ্ট কণ্ঠশিল্পীক সম্বৰ্ধনা জনোৱা হয়।
- কংগ্ৰেছৰ শাসনকালত ৰাভাৰ ওপৰত হোৱা অত্যাচাৰৰ কথা উত্থাপন কৰে বিজেপিৰ মুখপাত্ৰ মানস শৰণীয়াই।
- কলাগুৰুক কৰা অসন্মানৰ বাবে কংগ্ৰেছে অসমৰ জনগণৰ ওচৰত ক্ষমা খোজা উচিত বুলি দাবী।
কলাগুৰুক কৰা অসন্মানৰ বাবে কংগ্ৰেছে অসমৰ মানুহৰ ওচৰত ক্ষমা খোজকঃ মানস শৰণীয়া
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ২১ জুনঃ অসমৰ সংগ্ৰামী সত্তা, গণশিল্পী আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু তিথি উপলক্ষে অসম প্ৰদেশ বিজেপিয়ে আজি বশিষ্ঠস্থিত অটল বিহাৰী বাজপেয়ী ভৱনত এক গাম্ভীৰ্যপূৰ্ণ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই মহান বিপ্লৱীগৰাকীৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পণ কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
‘ৰাভাদেউ আজিও জাতিটোৰ আদৰ্শ’
অনুষ্ঠানত ভাষণ প্ৰদান কৰি দিলীপ শইকীয়াই বিষ্ণুপ্ৰসাদ ৰাভাক “শ্ৰেষ্ঠ অসমীয়া” আখ্যা দি কয় যে তেওঁ কেৱল এজন গীতিকাৰ, নাট্যকাৰ, গল্পকাৰ, নৃতত্ত্ববিদ, চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰশিল্পী নাছিল, তেওঁ আছিল জাতীয় চেতনাৰ এক শক্তিশালী প্ৰতীক।
তেওঁ কয়, “অসমীয়া জাতিয়ে ৰাভাদেউক যুগে যুগে স্মৰণ কৰি থাকিব। তেওঁ জাতিটোৰ স্বাভিমান, অধিকাৰ আৰু আত্মমৰ্যাদাৰ হকে সংগ্ৰাম কৰি নতুন চেতনাৰ জোৱাৰ আনিছিল। সেয়েহে তেওঁ আজিও অসমৰ জনসাধাৰণৰ বাবে আদৰ্শ।” অনুষ্ঠানত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াও উপস্থিত থাকে।
তিনিগৰাকী বিশিষ্ট কণ্ঠশিল্পীক সম্বৰ্ধনা
অনুষ্ঠানৰ অংশ হিচাপে অসমৰ সংগীত, সংস্কৃতি আৰু সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে বিশিষ্ট কণ্ঠশিল্পী সন্ধ্যা মেনন, শান্তা উজীৰ আৰু মালবিকা বৰাক সম্বৰ্ধনা জনোৱা হয়।
কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ মানস শৰণীয়াৰ
আনহাতে, এক বিবৃতিযোগে অসম প্ৰদেশ বিজেপিৰ মুখপাত্ৰ মানস শৰণীয়াই কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি কয় যে বিষ্ণুপ্ৰসাদ ৰাভাই ব্ৰিটিছ শাসনৰ লগতে স্বাধীনতাৰ পিছত কংগ্ৰেছৰ নেতৃত্বত চলা শোষণ, দুৰ্নীতি আৰু অনীতিৰ বিৰুদ্ধেও সংগ্ৰাম কৰিছিল।
তেওঁৰ মতে, ৰাভাই কৃষক-শ্ৰমিকৰ অধিকাৰ আৰু সামাজিক ন্যায়ৰ বাবে কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে আন্দোলন চলোৱাৰ ফলত চৰকাৰৰ ৰোষত পৰিছিল।
‘ৰাভাক দেশদ্ৰোহী আখ্যা দিছিল কংগ্ৰেছ চৰকাৰে’
মানস শৰণীয়াই অভিযোগ কৰে যে কংগ্ৰেছ চৰকাৰে বিষ্ণুপ্ৰসাদ ৰাভাক দেশৰ বাবে ভাবুকি বুলি চিহ্নিত কৰি দেশদ্ৰোহী আখ্যা দিছিল আৰু তেওঁৰ গ্ৰেপ্তাৰৰ বাবে ১০ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল।
তেওঁ কয় যে ১৯৫১ চনত কোকৰাঝাৰত পত্নীসহ ৰাভাক গ্ৰেপ্তাৰ কৰি কাৰাগাৰত নিক্ষেপ কৰা হৈছিল। এজন জনজাতীয় বিপ্লৱীৰ ওপৰত সংঘটিত এই অন্যায়ৰ বাবে অসমৰ সমাজ জীৱনে কংগ্ৰেছক কেতিয়াও ক্ষমা নকৰে বুলিও মন্তব্য কৰে তেওঁ।
কংগ্ৰেছক ক্ষমা খোজাৰ দাবী
মানস শৰণীয়াই লগতে কয় যে বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে মহান বিপ্লৱী আৰু সাংস্কৃতিক ব্যক্তিত্বক কৰা অসন্মানৰ বাবে কংগ্ৰেছে অসমৰ জনগণৰ ওচৰত ক্ষমা খোজা উচিত। লগতে তেওঁ কংগ্ৰেছ নেতৃত্বক প্ৰশ্ন কৰে যে এনে ঘটনাৰ বাবে দলটোৱে কেতিয়া ক্ষমা খুজিব।
বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শ আজিও প্ৰাসংগিক
বিজেপি নেতাসকলৰ মতে, বিষ্ণুপ্ৰসাদ ৰাভাই অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সাংস্কৃতিক সমন্বয় গঢ়ি তোলাৰ সপোন দেখিছিল আৰু বিপ্লৱী চেতনা আৰু সাংস্কৃতিক জাগৰণৰ জৰিয়তে এক ন্যায়ভিত্তিক সমাজ প্ৰতিষ্ঠাৰ বাবে জীৱনজুৰি সংগ্ৰাম কৰিছিল। সেই আদৰ্শ আজিও অসমীয়া জাতিৰ বাবে প্ৰেৰণা আৰু পথপ্ৰদৰ্শক হৈ আছে।
