September 1, 2026

Global Assam News

Global and Local Assam News Website

নেপালৰ ভয়ংকৰ জলপ্ৰলয়ত অসমৰ ৮ শ্ৰমিক উদ্ধাৰ, এতিয়াও সন্ধানহীন ৫

নেপালৰ ভয়ংকৰ জলপ্ৰলয়ত অসমৰ ৮ শ্ৰমিক উদ্ধাৰ, এতিয়াও সন্ধানহীন ৫

সমগ্ৰ সমাচাৰ সেৱা 

গুৱাহাটী, ৩১ আগষ্ট : নেপালত সংঘটিত ভয়ংকৰ জলপ্ৰলয় আৰু আকস্মিক বানত বহু লোকৰ মৃত্যু হোৱাৰ লগতে এতিয়াও বহু লোক সন্ধানহীন হৈ আছে। এনে এক ভয়ংকৰ পৰিস্থিতিৰ মাজতে নেপালত কৰ্মৰত অসমৰ ৮ গৰাকী শ্ৰমিকক উদ্ধাৰ কৰি সুকলমে অসমলৈ ঘূৰাই অনা হৈছে। অৱশ্যে নগাঁও, নলবাৰী আৰু কাৰ্বি আংলং জিলাৰ আন ৫ গৰাকী শ্ৰমিকৰ এতিয়াও কোনো সন্ধান পোৱা হোৱা নাই।

ধুবুৰী জিলা আৰক্ষী আৰু প্ৰশাসনে নেপাল সীমান্তৰ পৰা উদ্ধাৰ কৰা অসমৰ ৮ গৰাকী শ্ৰমিকক ধুবুৰীলৈ লৈ আহে। আজি পুৱাৰ ভাগত আটাইকেইগৰাকী নিজ নিজ ঘৰলৈ ৰাওনা হয়। উদ্ধাৰ হোৱা লোককেইগৰাকী হৈছে পংকজ বৰ্মণ, গোপাল চান্দ দেৱনাথ, গৌতম দাস, সমৰ বেজবৰুৱা, চাৰ্ভিছন মাৰাক, চানেৰেশ্বৰ নাৰ্জাৰী, ছিলভা মাৰাক আৰু ইলিপছোন চাংমা।

৬০ ফুট উচ্চতাৰে পানীৰ সোঁত, পাহাৰত উঠি ৰক্ষা পৰিল প্ৰাণ

জানিব পৰা মতে, অসমৰ বিভিন্ন জিলাৰ পৰা মুঠ ১৩ গৰাকী শ্ৰমিক নেপালৰ এটা পাৱাৰ গ্ৰীড কোম্পানীত কৰ্মৰত আছিল। কৰ্মস্থলীত থকা অৱস্থাতে হঠাৎ প্ৰায় ৬০ ফুট উচ্চতাৰ পৰা প্ৰচণ্ড পানীৰ সোঁত নামি অহাত অঞ্চলটোত সৃষ্টি হয় ভয়ংকৰ পৰিস্থিতি। আকস্মিক জলপ্ৰলয়ৰ ফলত শ্ৰমিকসকলৰ মাজত আতংকৰ সৃষ্টি হয়।

প্ৰাণৰক্ষা কৰিবলৈ শ্ৰমিকসকলে কৰ্মস্থলীৰ পৰা পাহাৰৰ ওপৰলৈ উঠি যায়। ঘণ্টাৰ পিছত ঘণ্টা ধৰি ভয়ংকৰ পৰিস্থিতিৰ মাজত আশ্ৰয় লৈ থকাৰ পিছত নেপালৰ উদ্ধাৰকাৰী বাহিনীয়ে পাহাৰৰ পৰা তেওঁলোকক উদ্ধাৰ কৰে। ইয়াৰ পিছত উদ্ধাৰ হোৱা শ্ৰমিকসকলক সুৰক্ষিতভাৱে অসমলৈ অনাৰ ব্যৱস্থা কৰা হয়।

৫ সতীৰ্থৰ সন্ধান নোপোৱাত উদ্বিগ্ন পৰিয়াল

ইফালে, নগাঁও, নলবাৰী আৰু কাৰ্বি আংলং জিলাৰ ৫ গৰাকী শ্ৰমিক এতিয়াও সন্ধানহীন হৈ আছে। তেওঁলোকৰ কোনো সন্ধান লাভ নকৰাত পৰিয়ালৰ লোকসকল গভীৰ উদ্বেগত আছে।

উদ্ধাৰ হোৱা শ্ৰমিকসকলে নেপালৰ ভয়ংকৰ পৰিস্থিতিৰ বৰ্ণনা কৰি কয় যে, অতি কম সময়ৰ ভিতৰতে পানীৰ সোঁতে সকলো তচনচ কৰি পেলাইছিল। নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ পাহাৰৰ ওপৰত আশ্ৰয় লোৱাৰ সময়খিনি তেওঁলোকৰ বাবে আছিল অত্যন্ত আতংকজনক। একে সময়তে পাঁচ সতীৰ্থৰ সন্ধান নোপোৱাত উদ্ধাৰ হোৱা শ্ৰমিকসকলেও গভীৰ দুখ প্ৰকাশ কৰে।

নেপালত চলি থকা উদ্ধাৰ অভিযানৰ মাজতে সন্ধানহীন অসমৰ পাঁচ শ্ৰমিককো শীঘ্ৰে উদ্ধাৰ কৰি পৰিয়ালৰ ওচৰলৈ ঘূৰাই অনাৰ বাবে আশা প্ৰকাশ কৰিছে পৰিয়াল আৰু আত্মীয়সকলে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *