টেলিকম সেৱাত দেশৰ ভিতৰতে প্ৰথম স্থান অসমৰ
- টেলিকম সেৱাত দেশৰ ভিতৰত প্ৰথম স্থান অসমৰ।
- ৭ অক্টোবৰত নতুন দিল্লীত বঁটা প্ৰদান।
- বিভিন্ন কাৰিকৰী আৰু প্ৰশাসনিক ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন।
- ‘সঞ্চাৰ সাথী’ আৰু ‘সঞ্চাৰ মিত্ৰ’ আঁচনিৰ জৰিয়তে নাগৰিকক উপকৃত কৰাৰ লক্ষ্য।
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ১৬ অক্টোবৰ: টেলিকম সেৱাৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য অৰ্জন কৰি দেশৰ সকলো টেলিকম লাইচেন্সড ছাৰ্ভিচ এৰিয়া (LSA)-ৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে অসমৰ টেলিকম সেৱা এলেকাই। কেন্দ্ৰীয় যোগাযোগ আৰু গ্ৰামোন্নয়ন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড০ পেম্মাছানি চন্দ্ৰশেখৰে ৭ অক্টোবৰত নতুন দিল্লীত অনুষ্ঠিত ইণ্ডিয়া মোবাইল কংগ্ৰেছৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ অতিৰিক্ত সঞ্চালক প্ৰধান ৰাজেন্দ্ৰ মেশ্ৰামক এই বঁটা প্ৰদান কৰে।
বিভিন্ন ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন
দূৰসংযোগ সেৱাৰ সম্প্ৰসাৰণ, সজাগতা কাৰ্যসূচী, ৰেডিয়েচন পৰীক্ষা, গ্ৰাহক আবেদন প্ৰপত্ৰৰ (CAF) নিৰীক্ষা, কাৰিকৰী আলোচনা, অনুজ্ঞাপত্ৰ প্ৰদান, অভিযোগ নিষ্পত্তি, দুৰ্যোগ ব্যৱস্থাপনা আৰু অবৈধ টেলিকম কাৰ্যকলাপৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ আদি বিভিন্ন ক্ষেত্ৰত অসমৰ প্ৰদৰ্শনৰ স্বীকৃতি হিচাপে এই বঁটা প্ৰদান কৰা হয়।
‘সঞ্চাৰ সাথী’ আৰু ‘সঞ্চাৰ মিত্ৰ’ আঁচনিৰ পদক্ষেপ
এই সন্মান লাভ কৰি আনন্দ প্ৰকাশ কৰে অসমৰ অতিৰিক্ত সঞ্চালক প্ৰধান ৰাজেন্দ্ৰ মেশ্ৰামে। তেওঁ কয় যে এই স্বীকৃতি অসমৰ টেলিকম সেৱা এলেকাৰ সমগ্ৰ দলটোৰ কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু দক্ষতাৰ ফল। লগতে ‘সঞ্চাৰ সাথী’ আৰু ‘সঞ্চাৰ মিত্ৰ’ আঁচনিৰ অধীনত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপে দেশৰ নাগৰিকসকলক উপকৃত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
