শিক্ষকৰ অনা-শৈক্ষিক কৰ্তব্যৰো হিচাপ ৰাখিব অসম চৰকাৰে
- শিক্ষা সেতু পৰ্টেলত অনা-শৈক্ষিক কৰ্তব্য নথিভুক্ত কৰা হ’ব।
- ব্যক্তিগত মোবাইল ব্যৱহাৰৰ বিষয়টো পুনৰীক্ষণ কৰা হ’ব।
- ঠিকাভিত্তিক শিক্ষকসকলৰ MACPS সুবিধাৰ বাবে প্ৰস্তাৱ দাখিল কৰা হ’ব।
- বিদ্যালয়ৰ ইউনিফৰ্ম, আন্তঃগাঁথনিৰ ধন আৰু মধ্যাহ্ন ভোজনৰ পুঁজিৰ সমস্যা আলোচনা কৰা হয়।
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ১৫ অক্টোবৰ: অসমৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। এতিয়াৰে পৰা শিক্ষকসকলে পালন কৰা অনা-শৈক্ষিক আৰু পাঠ্যক্ৰমৰ বাহিৰৰ চৰকাৰী কৰ্তব্যসমূহ শিক্ষা সেতু পৰ্টেলত নথিভুক্ত কৰা হ’ব। সমগ্ৰ শিক্ষা, অসমৰ সঞ্চালক আয়ুষ গাৰ্গে বুধবাৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্থাৰ (ASPTA) প্ৰতিনিধিসকলৰ সৈতে হোৱা বৈঠকত এই কথা ঘোষণা কৰে।
ব্যক্তিগত মোবাইল ব্যৱহাৰ পুনৰীক্ষণৰ আশ্বাস
বৈঠকত শিক্ষকসকলে শিক্ষা সেতু পৰ্টেল ব্যৱহাৰৰ বাবে ব্যক্তিগত মোবাইল ফোনৰ বাধ্যতামূলক ব্যৱহাৰ বন্ধ কৰাৰ দাবী জনায়। ইয়াৰ প্ৰত্যুত্তৰত সঞ্চালকগৰাকীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি বিষয়টো পুনৰীক্ষণ কৰাৰ আশ্বাস দিয়ে। লগতে ইচ্ছামতে হোৱাটছএপ গোট সৃষ্টি আৰু বন্ধ কৰাৰ প্ৰথাও পৰীক্ষা কৰা হ’ব বুলি জানিবলৈ দিয়ে।
শিক্ষক আৰু বিদ্যালয়ৰ আন সমস্যা সন্দৰ্ভত আলোচনা
বৈঠকত ডিচেম্বৰৰ ভিতৰত শিক্ষাৰ্থীসকলক বিদ্যালয়ৰ ইউনিফৰ্ম বিতৰণ সম্পূৰ্ণ কৰা, আন্তঃগাঁথনিৰ ধন কিস্তিত মুকলি কৰাৰ ব্যৱস্থা পুনৰীক্ষণ আৰু ঠিকাভিত্তিক শিক্ষকসকলক সংশোধিত নিশ্চিত কেৰিয়াৰ উন্নয়ন আঁচনিৰ (MACPS) সুবিধা প্ৰদানৰ বাবে চৰকাৰৰ ওচৰত প্ৰস্তাৱ দাখিল কৰাৰ বিষয়েও আলোচনা হয়।
ইয়াৰ উপৰি সৰ্বশিক্ষা অভিযানৰ অধীনত কাম কৰি পিছত নিয়মীয়াকৰণ হোৱা শিক্ষকসকলৰ প্ৰাপ্য চি পি এফ (CPF) অৱদানৰ ৯০ শতাংশ মুকলি কৰা, সকলো শিক্ষকৰ বাবে চিকিৎসাজনিত ছুটিৰ ব্যৱস্থা, প্ৰাথমিক বিদ্যালয়ত সৌৰবিদ্যুৎ সংযোগ আৰু গুণোৎসৱত A+ গ্ৰেড লাভ কৰা বিদ্যালয়সমূহৰ প্ৰাপ্য ২৫ হাজাৰ টকাৰ প্ৰোৎসাহনমূলক ধন মুকলি কৰাৰ দাবী উত্থাপন কৰা হয়।
মধ্যাহ্ন ভোজনৰ ধন মুকলিৰ ক্ষেত্ৰত শিক্ষা সেতু পৰ্টেলত নথিভুক্ত উপস্থিতিৰ সৈতে জড়িত হৈ সৃষ্টি হোৱা আৰ্থিক সমস্যাসমূহো আলোচনাত স্থান পায়।
