August 24, 2026

Global Assam News

Global and Local Assam News Website

অসম-মেঘালয় বৈঠকত ১৪টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত, শ্বিলঙৰ ঘটনা তদন্ত

অসম-মেঘালয় বৈঠকত ১৪টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত, শ্বিলঙৰ ঘটনা তদন্ত
  • শ্বিলঙৰ ঘটনাক লৈ দুখ প্ৰকাশ আৰু তদন্ত: মেঘালয় চৰকাৰে শ্বিলঙৰ ঘটনার বাবে দুখ প্ৰকাশ কৰে আৰু অভিযুক্তসকলক চিনাক্ত কৰি কঠোৰ ব্যৱস্থা লোৱাৰ আশ্বাস দিয়ে।
  • বিশেষ তদন্তকারী দল গঠন: ঘটনা সন্দৰ্ভত ইতিমধ্যে কেইবাখনো FIR পঞ্জীয়ন কৰা হৈছে; অভিযুক্ত বিচাৰি বিশেষ তদন্তকাৰী দল গঠন কৰা হ’ব।
  • পৰ্যটক সুৰক্ষা আৰু আইন-শৃংখলা: পৰ্যটকসকলৰ সুৰক্ষা নিশ্চিত কৰিব আৰু আন্তঃৰাজ্যিক আইন-শৃংখলা বজাই ৰাখিবৰ বাবে দুখন ৰাজ্যতে যৌথ কৌশল গঢ়া হ’ব।
  • আন্তঃৰাজ্যিক যাতায়াত স্বাভাৱিককৰণ: চলাচল স্বাভাৱিক কৰাৰ বাবে দুয়োখন চৰকাৰে সংশ্লিষ্ট ব্যৱস্থা ল’ব আৰু পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিব।

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী/শ্বিলং, ২৩ আগষ্ট :শ্বিলঙত ১৯ আগষ্টত সংঘটিত ঘটনা আৰু তাৰ পাছত উদ্ভৱ হোৱা উত্তেজনাৰ প্ৰেক্ষাপটত আজি কইনধাৰা ষ্টেট গেষ্ট হাউচত অসম-মেঘালয় চৰকাৰৰ মাজত ৩ ঘণ্টাতকৈ অধিক সময় ধৰি এক উচ্চ-স্তৰীয় বৈঠক অনুষ্ঠিত হয়। বৈঠকত মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী ড° এছ ধৰ আৰু অসমৰ মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত দুয়োখন ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। বৈঠকত শেহতীয়া পৰিস্থিতি, পর্যটক সুৰক্ষা, আন্তঃৰাজ্যিক যাতায়াত আৰু আইন-শৃংখলার বিষয়ত বিস্তৃতভাৱে আলোচনা কৰা হয়।

বৈঠকৰ অন্তত, মুখ্যমন্ত্ৰীদ্বয়ে শান্তি-সম্প্ৰীতি, পৰ্যটকসুৰক্ষা, আৰু আন্তঃৰাজ্যিক সম্পৰ্ক সুদৃঢ় কৰাৰ আহ্বান জনায়। দুয়োখন চৰকাৰে যৌথভাৱে কাম কৰি সীমান্ত অঞ্চলৰ স্থিতিশীলতা বজাই ৰাখিবলৈ সংকল্পৱদ্ধ হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *