August 24, 2026

Global Assam News

Global and Local Assam News Website

টিৰপাল তৰি ৰাজপথত অসম চালক সন্থাৰ প্ৰতিবাদ, ঘাইপথ বন্ধৰ হুংকাৰ

টিৰপাল তৰি ৰাজপথত অসম চালক সন্থাৰ প্ৰতিবাদ, ঘাইপথ বন্ধৰ হুংকাৰ

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ২১ আগষ্ট :অসম চালক সন্থাই মেঘালয় চৰকাৰৰ বিৰুদ্ধে দাবী আদায়ৰ উদ্দেশ্যে ৰাজপথত টিৰপাল তৰি প্ৰতিবাদে বহি ব্যাপক সঁহাৰি লাভ কৰিছে। বীৰ লাচিত সেনাৰ সহায়ত অসম চালক সন্থাই এই প্ৰতিবাদৰ আয়োজন কৰে। প্ৰতিবাদস্থলীত সংগঠনৰ সদস্যসকল টিৰপাল মেলি বহি, সমষ্টিগতভাৱে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে।

চালক সন্থাৰ দাবী—মেঘালয় চৰকাৰে চলাচল, সুৰক্ষা আৰু কৰ্মসংস্থাপন সম্পৰ্কীয় সমস্যাবোৰ অচিৰেই সমাধান কৰিব লাগিব। সংগঠনে হুঁচকাৰ দিয়ে, যদি দাবীসমূহ শীঘ্ৰেই মানি নলয়, তেন্তে ৰাষ্ট্ৰীয় ঘাইপথ বন্ধৰ দৰে বৃহৎ আন্দোলন আৰম্ভ কৰিব।

চালকসকলে কয়—”মেঘালয় চৰকাৰ এতিয়া জাগিব লাগিব।” বিভিন্ন সমস্যা ও দাবী পূৰণৰ দাবীত সংগঠনে চৰকাৰক এনেকুৱা গুৰুত্বপূৰ্ণ সময়ত সঁচাকৈয়ে সদায় সতৰ্ক থাকিবলৈ আহ্বান জনাইছে।

এই প্ৰতিবাদে উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃৰাজ্যিক পৰিবহন ব্যৱস্থাত নতুন দিশ সৃষ্টি কৰিছে। পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ আৰক্ষী-প্ৰশাসনে নজৰদাৰী বৃদ্ধি কৰিছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *