ব্ৰহ্মপুত্ৰ পথে বাংলাদেশলৈ অসমৰ পৰা ৫৪০ টন মিথানল প্ৰেৰণ
- বগীবিলৰ পৰা ৫৪০ টন মিথানল ৰপ্তানি
- বাংলাদেশৰ ঢাকালৈ প্ৰথম আন্তঃৰাষ্ট্ৰীয় কাৰ্গো
- ব্ৰহ্মপুত্ৰৰ জলপথ বাণিজ্যৰ নতুন সম্ভাৱনা
- উত্তৰ-পূবৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সংযোগ বৃদ্ধি
সমগ্ৰ সমাচাৰ সেৱা
ডিব্ৰুগড়, ৫ অক্টোবৰ: অসমৰ নদী-বাণিজ্যৰ ক্ষেত্ৰত এক ঐতিহাসিক অধ্যায়ৰ সূচনা কৰি ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা বাংলাদেশলৈ ৫৪০ মেট্ৰিক টন মিথানল কঢ়িয়াই এখন মালবাহী জাহাজ যাত্ৰা আৰম্ভ কৰিছে। স্বাধীনতাৰ পিছত উজনি অসমৰ পৰা বিদেশী বন্দৰলৈ সামগ্ৰী প্ৰেৰণৰ এয়া প্ৰথমটো যাত্ৰা।
বগীবিলৰ পৰা ঢাকালৈ জলপথে যাত্ৰা
কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ‘DLB Patkai’ নামৰ জাহাজখনৰ যাত্ৰা শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানটোত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে। নামৰূপস্থিত অসম পেট্ৰ’-কেমিকেলছ লিমিটেডে উৎপাদন কৰা মিথানল বাংলাদেশৰ ঢাকাৰ পানগাঁও বন্দৰলৈ প্ৰেৰণ কৰা হৈছে।
ব্ৰহ্মপুত্ৰক বাণিজ্যিক কৰিডৰ হিচাপে গঢ়াৰ সম্ভাৱনা
জাহাজখনে ৰাষ্ট্ৰীয় জলপথ-২ৰ অধীনত ব্ৰহ্মপুত্ৰৰে প্ৰায় ৭৬৮ কিলোমিটাৰ যাত্ৰা কৰাৰ পিছত ভাৰত-বাংলাদেশ সীমান্ত পাৰ হৈ ইণ্ডো-বাংলাদেশ প্ৰট’কল ৰুটেৰে আগবাঢ়িব। বগীবিলৰ পৰা বাংলাদেশৰ নাৰায়ণগঞ্জলৈ মুঠ যাত্ৰাপথ প্ৰায় ১,৩০০ কিলোমিটাৰ। এই যাত্ৰাক উত্তৰ-পূৰ্বাঞ্চলক বিদেশী বজাৰৰ সৈতে সংযোগ কৰা বাণিজ্যিক জলপথ হিচাপে ব্ৰহ্মপুত্ৰৰ সম্ভাৱনা পৰীক্ষাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে।
