অৰুণাচলত নিযুক্তিৰ নতুন যোগ্যতা কঠোৰভাৱে কাৰ্যকৰীৰ দাবী ছাত্ৰ সংগঠনৰ
সমগ্ৰ সমাচাৰ সেৱা
- নতুন যোগ্যতাৰ নিয়ম কঠোৰভাৱে কাৰ্যকৰীৰ দাবী
- স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ আৰু জনজাতীয় প্ৰমাণপত্ৰ বাধ্যতামূলক
- স্থানীয় জনজাতীয় ভাষাৰ জ্ঞান থকাটো প্ৰয়োজনীয়
- ভাষা দক্ষতা পৰীক্ষাত উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক
ইটানগৰ, ২৯ আগষ্ট: অৰুণাচল প্ৰদেশৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন সৰ্ব অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই ৰাজ্যখনৰ নিযুক্তি সংস্থাসমূহক প্ৰত্যক্ষ নিযুক্তিৰ ক্ষেত্ৰত সদ্য জাৰি কৰা একে যোগ্যতাৰ নিয়ম কঠোৰভাৱে কাৰ্যকৰী কৰিবলৈ আহ্বান জনাইছে। ইতিমধ্যে প্ৰক্ৰিয়াধীন হৈ থকা পৰীক্ষাসমূহতো নতুন নিয়ম প্ৰযোজ্য কৰাৰ দাবী জনাইছে সংগঠনটোৱে।
নিযুক্তি সংস্থালৈ কঠোৰ নিৰ্দেশৰ দাবী
ছাত্ৰ সংগঠনটোৰ সভাপতি মেজে টাকু আৰু সাধাৰণ সম্পাদক মাটো বুইয়ে অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগ আৰু অৰুণাচল প্ৰদেশ কৰ্মচাৰী বাছনি পৰিষদৰ অধ্যক্ষলৈ পৃথকে পৃথকে পত্ৰ প্ৰেৰণ কৰি চৰকাৰৰ নতুন নিৰ্দেশনা তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰিবলৈ দাবী জনায়।
সংগঠনটোৰ মতে, অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগে ভৱিষ্যতৰ লগতে ইতিমধ্যে প্ৰক্ৰিয়াধীন থকা ‘ক’, ‘খ’ আৰু ‘গ’ শ্ৰেণীৰ সকলো পদৰ নিযুক্তিত এই যোগ্যতাৰ নিয়ম প্ৰযোজ্য কৰিব লাগে। একেদৰে কৰ্মচাৰী বাছনি পৰিষদেও আগন্তুক আৰু ইতিমধ্যে প্ৰকাশিত নিযুক্তি জাননীত নতুন নিয়মসমূহ অন্তৰ্ভুক্ত কৰিব লাগে।
স্থায়ী বাসিন্দা আৰু স্থানীয় ভাষাৰ জ্ঞান বাধ্যতামূলক
নতুন নিয়ম অনুসৰি ৰাজ্য চৰকাৰৰ পদত প্ৰত্যক্ষ নিযুক্তি বিচৰা প্ৰাৰ্থীৰ বৈধ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ, ৰাজ্যখনৰ মূল বাসিন্দা হিচাপে অৰুণাচল প্ৰদেশ অনুসূচিত জনজাতিৰ প্ৰমাণপত্ৰ আৰু স্থানীয় কোনো জনজাতীয় ভাষাৰ ব্যৱহাৰিক জ্ঞান থকাটো বাধ্যতামূলক কৰা হৈছে।
ইয়াৰ উপৰি চাকৰিত যোগদানৰ পাছত ভাষা দক্ষতা পৰীক্ষাৰ ব্যৱস্থা নিযুক্তি জাননীত স্পষ্টভাৱে উল্লেখ কৰিবলৈ ছাত্ৰ সংগঠনটোৱে দাবী জনাইছে। সংগঠনটোৱে সতৰ্ক কৰি দিয়ে যে চৰকাৰী নিৰ্দেশ কাৰ্যকৰী কৰাত বিলম্ব কৰা, নিয়ম শিথিল কৰা অথবা নিৰ্বাচিতভাৱে প্ৰয়োগ কৰাৰ চেষ্টা কৰা হ’লে ছাত্ৰ সমাজে তীব্ৰ প্ৰতিবাদ কৰিব।
পৰীক্ষাত উত্তীৰ্ণ নহ’লে পদোন্নতি স্থগিত
অৰুণাচল প্ৰদেশ চৰকাৰে বুধবাৰে ৰাজ্য চৰকাৰ আৰু চৰকাৰ নিয়ন্ত্ৰিত সংস্থাসমূহৰ অধীনত পদ আৰু সেৱাত প্ৰত্যক্ষ নিযুক্তিৰ বাবে একে যোগ্যতাৰ নিয়ম জাৰি কৰিছিল। ১৩ আগষ্টত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকতে এই সিদ্ধান্তত অনুমোদন জনোৱা হৈছিল।
নতুন ব্যৱস্থা অনুসৰি নিৰ্বাচিত প্ৰাৰ্থীসকলে ভাষা দক্ষতা পৰীক্ষাতো উত্তীৰ্ণ হ’ব লাগিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ সৈতে এই পৰীক্ষা সংযোজন নোহোৱালৈকে চাকৰিত যোগদানৰ পাছত পৰীক্ষাটো অনুষ্ঠিত কৰা হ’ব আৰু তিনিবছৰীয়া পৰীক্ষামূলক চাকৰিৰ সময়ছোৱাৰ ভিতৰত উত্তীৰ্ণ হ’ব লাগিব।
নিৰ্ধাৰিত সময়ৰ ভিতৰত ভাষা দক্ষতা পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰিলে সংশ্লিষ্ট কৰ্মচাৰীৰ বাৰ্ষিক বেতন বৃদ্ধি আৰু পদোন্নতি যোগ্যতা অৰ্জন নকৰালৈকে স্থগিত ৰখা হ’ব বুলি বিষয়াসকলে জানিবলৈ দিয়ে।
