Global Assam News

Global and Local Assam News Website

Oplus_131072

  • অম্বুবাচী মেলাক সুশৃংখল আৰু সুৰক্ষিত কৰি তুলিবলৈ অসম চৰকাৰৰ ব্যাপক প্ৰস্তুতি।
  • এইবাৰ প্ৰায় ৮ লাখ ভক্তৰ সমাগম হোৱাৰ সম্ভাৱনা।
  • বিশুদ্ধ খোৱাপানী, অস্থায়ী শৌচাগাৰ, স্নানাগাৰ, চিকিৎসা শিবিৰ আৰু এম্বুলেন্স সেৱাৰ ব্যৱস্থা।
  • অসম আৰক্ষী, যানবাহন আৰক্ষী আৰু জৰুৰীকালীন সেৱা বাহিনীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা।
  • কামাখ্যা ৰেল ষ্টেচন, পাণ্ডু জাহাজ ঘাট আৰু নাহৰণিবাৰীত তিনিটা সহায়ক শিবিৰ স্থাপন।
  • বয়োজ্যেষ্ঠ আৰু বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে হুইল চেয়াৰ সুবিধা।
  • কামাখ্যা মন্দিৰলৈ বিশেষ বাছ সেৱা আৰু উন্নত যাতায়ত ব্যৱস্থা।

আধ্যাত্মিক মহোৎসৱ অম্বুবাচীক আদৰি ব্যাপক প্ৰস্তুতি

সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ২০ জুন: বিশ্ববিখ্যাত শক্তিপীঠ মা কামাখ্যা মন্দিৰত অনুষ্ঠিত হ’বলগীয়া অম্বুবাচী মেলা ২০২৬ উপলক্ষে অসম চৰকাৰে ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। সৃষ্টিশক্তি, মাতৃশক্তি আৰু প্ৰকৃতিৰ উৰ্বৰতাৰ প্ৰতীক হিচাপে পৰিচিত এই মহোৎসৱত দেশ-বিদেশৰ লক্ষাধিক সাধু-সন্ন্যাসী, তান্ত্ৰিক, গৱেষক, পৰ্যটক আৰু ভক্তৰ সমাগম ঘটে।
জনবিশ্বাস অনুসৰি এই সময়ছোৱাত আদিশক্তি মা কামাখ্যা ঋতুমতী হয় আৰু সেই উপলক্ষে অনুষ্ঠিত অম্বুবাচী মহোৎসৱে আধ্যাত্মিকতা, নাৰীশক্তি আৰু সৃষ্টিশীলতাৰ এক অনন্য বাৰ্তা বহন কৰে।

৮ লাখ ভক্তৰ বাবে বিশেষ সুবিধা
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে এইবাৰৰ মেলাখন অধিক পৰিচ্ছন্ন, সুৰক্ষিত আৰু ভক্ত-বান্ধৱ কৰি তুলিবলৈ একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰায় ৮ লাখ ভক্তৰ আগমনৰ সম্ভাৱনাক লক্ষ্য কৰি বিশুদ্ধ খোৱাপানী, অস্থায়ী শৌচাগাৰ, স্নানাগাৰ, বিশ্ৰাম শিবিৰ, চিকিৎসা কেন্দ্ৰ, এম্বুলেন্স সেৱা আৰু তথ্য-সহায়ক কেন্দ্ৰ স্থাপন কৰা হৈছে।

কটকটীয়া নিৰাপত্তা ব্যৱস্থা
মেলাৰ সময়ছোৱাত ভক্তসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ অসম আৰক্ষী, যানবাহন আৰক্ষী, গৃহৰক্ষী বাহিনী আৰু বিভিন্ন জৰুৰীকালীন সেৱা নিয়োজিত কৰা হৈছে। লগতে ভিৰ নিয়ন্ত্ৰণ আৰু সুশৃংখল পৰিৱেশ বজাই ৰাখিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

যাতায়ত ব্যৱস্থাত বিশেষ গুৰুত্ব
ভক্তসকলৰ যাতায়ত অধিক সুচল কৰিবলৈ বিশেষ বাছ সেৱা, যান-বাহন নিয়ন্ত্ৰণ ব্যৱস্থা আৰু পথ নিৰ্দেশনাৰ সুবিধা কৰা হৈছে। ইয়াৰ উপৰিও কামাখ্যা ৰেল ষ্টেচন, পাণ্ডু জাহাজ ঘাট আৰু নাহৰণিবাৰীত তিনিটা সহায়ক শিবিৰ স্থাপন কৰা হৈছে।
কামাখ্যা মন্দিৰৰ পাদদেশৰ পৰা মন্দিৰলৈ যোৱা পথত কাৰ্পেট বিছোৱাৰ ব্যৱস্থাও কৰা হৈছে যাতে ভক্তসকলে সহজে মন্দিৰলৈ যাব পাৰে।

বয়োজ্যেষ্ঠ আৰু বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে সুবিধা
অম্বুবাচী মেলালৈ অহা বয়োজ্যেষ্ঠ আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ সুবিধাৰ্থে হুইল চেয়াৰৰ ব্যৱস্থা কৰা হৈছে। লগতে মন্দিৰলৈ বিশেষ বাছ সেৱা আৰম্ভ কৰি যাতায়ত ব্যৱস্থাক অধিক সহজ আৰু আৰামদায়ক কৰি তোলা হৈছে।

অসমৰ আধ্যাত্মিক পৰিচয় বিশ্বৰ দৰবাৰত
অম্বুবাচী মেলাক অসমৰ লগতে সমগ্ৰ ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ এক গৌৰৱময় ঐতিহ্য হিচাপে গণ্য কৰা হয়। এই মহোৎসৱৰ জৰিয়তে বিশ্ববাসীয়ে অসমৰ আধ্যাত্মিক মহিমা, আতিথ্য আৰু সাংস্কৃতিক ঐশ্বৰ্যৰ সৈতে পৰিচিত হোৱাৰ সুযোগ লাভ কৰে।
অসম চৰকাৰৰ এই ব্যাপক ব্যৱস্থাসমূহে এইবাৰৰ অম্বুবাচী মেলাক অধিক সুশৃংখল, সুৰক্ষিত আৰু স্মৰণীয় কৰি তুলিব বুলি আশা প্ৰকাশ কৰা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *