আগৰতলা হাওৰা নদীৰ ঢৌত ১০০০তকৈ অধিক লোক প্লাৱনগ্ৰস্ত
সমগ্ৰ সমাচাৰ সেৱা
আগৰতলা, ২৪ আগষ্ট :হাওৰা নদীৰ পানী আচমকা বৃদ্ধি পোৱাৰ ফলত আগৰটলা আৰু ইয়াৰ আশেপাশৰ অঞ্চলত ভয়ংকৰ প্লাৱনৰ সৃষ্টি হৈছে। বিশেষকৈ ছদৰ আৰু জিৰানিয়া উপবিভাগত বহু অঞ্চল পানীত ডুব গৈছে, যাৰ ফলত ১০০০তকৈ অধিক লোক প্ৰভাৱিত হৈছে। হাওৰা নদী আৰু কাটাখাল ক্যানেলৰ কাষৰ অঞ্চলসমূহত প্লাৱনৰ প্ৰভাৱ বিশেষকৈ বেছি দেখা গৈছে।
বেহাল অৱস্থাত বহু লোকৰ ঘৰত পানী সোমাই আহিছে, যাৰ ফলত অসুৰক্ষিত অঞ্চলৰ বাসিন্দা সকলে নিৰাপদ স্থানলৈ যাব লগা হৈছে। উদ্ধাৰ আৰু সহায় কাৰ্যত জোৰ দি আছে স্থানীয় প্ৰশাসন। উদ্ধাৰৰ বাবে চাৰিখন নাও ব্যৱহাৰ কৰা হৈছে আৰু ত্ৰিপুৰা ষ্টেট ৰাইফলছ, ত্ৰিপুৰা আৰক্ষী আৰু বিভিন্ন বিভাগৰ কৰ্মচাৰী সকলে সহায় আগবঢ়াইছে।
মুখ্যমন্ত্ৰী মানিক সাহাই পৰিস্থিতি সদায় মনিটৰ কৰি আছে বুলি জনাইছে আৰু সংশ্লিষ্ট জিলা আৰু উপবিভাগীয় দণ্ডাধীশক সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। জিলা দণ্ডাধীশ বিশাল কুমাৰে কয়, শুকুৰবাৰে পাহাৰীয়া অঞ্চলত বৰষুণৰ ফলত নদীৰ পানী আচমকাই বৃদ্ধি পাইছিল।
বাল্ডাখাল, চান্দ্রপুর, শ্রীলংকা বস্তি, আৰালিয়া আৰু ইন্দ্ৰনগৰ অঞ্চল প্লাৱনৰ দ্বাৰা বেছি প্ৰভাৱিত হৈছে। ৰাহত-পুণৰবাস কাৰ্যৰ অংশ হিচাপে ৬খন সহায় শিবিৰ খোলা হৈছে আৰু দুখীয়া লোকক সহায় আগবঢ়োৱা হৈছে।
পানী সম্পদ বিভাগৰ তথ্যমতে, হাওৰা নদী সংকটজনক স্তৰৰ ওপৰত ১০.৯০ মিটাৰ ওপৰত বৈ গৈ আছে। আগন্তুক দিনত অধিক বৰষুণ হ’লে প্লাৱন পৰিস্থিতি অধিক জটিল হ’ব বুলি সতর্কতা জাৰি কৰা হৈছে।
প্ৰশাসনে সংবেদনশীল অঞ্চলৰ ৰাইজক সদায় সতৰ্ক থাকিবলৈ, উদ্ধাৰ দলে সহায় কৰিবলগীয়া নিৰ্দেশ মানি চলিবলৈ আহ্বান জনাইছে।
