অৰুণাচলত অমিত শ্বাহ, ইটানগৰত কটকটীয়া নিৰাপত্তা
-
তিনিদিনীয়া ভ্ৰমণসূচীৰে ইটানগৰত উপস্থিত অমিত শ্বাহ।
-
ইটানগৰ আৰু পাপুম পাৰে জিলাত কটকটীয়া নিৰাপত্তা।
-
অৰুণাচল আৰক্ষীক ৰাষ্ট্ৰপতিৰ আৰক্ষী ৰং প্ৰদান।
-
NDRFৰ নতুন বেটেলিয়ন চৌহদ উদ্বোধনৰ কাৰ্যসূচী।
সমগ্ৰ সমাচাৰ সেৱা
ইটানগৰ, ২০ নৱেম্বৰ: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ শুকুৰবাৰে সন্ধিয়া অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত উপস্থিত হয়। ৰাজ্যখনত তিনিদিনীয়া ভ্ৰমণসূচী লৈ অহা গৃহমন্ত্ৰীগৰাকীক ড’নি প’লো বিমানবন্দৰত মুখ্যমন্ত্ৰী পেমা খাণ্ডু, উপ-মুখ্যমন্ত্ৰী চৌনা মেইন আৰু ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াই আদৰণি জনায়।
নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী
অমিত শ্বাহৰ ভ্ৰমণক কেন্দ্ৰ কৰি ইটানগৰ আৰু ইয়াৰ আশে-পাশে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। পাপুম পাৰে জিলাত ২০ৰ পৰা ২২ নৱেম্বৰলৈ ন’ ফ্লাই জ’ন ঘোষণা কৰা হৈছে। এই সময়ছোৱাত ড্ৰোন, ইউএভি, বেলুন আৰু অনুমতিবিহীন আকাশী ফটোগ্ৰাফী নিষিদ্ধ কৰা হৈছে।
আৰক্ষীক বিশেষ সন্মান প্ৰদান কৰিব গৃহমন্ত্ৰীয়ে
ভ্ৰমণকালত অমিত শ্বাহে অৰুণাচল প্ৰদেশ আৰক্ষীক ৰাষ্ট্ৰপতিৰ আৰক্ষী ৰং (President’s Police Colour) প্ৰদান কৰিব। লগতে নতুনকৈ নিযুক্ত আৰক্ষী কৰ্মীসকলক নিযুক্তি-পত্ৰ বিতৰণ আৰু ৰাজ্যখনৰ উন্নয়ন, আভ্যন্তৰীণ নিৰাপত্তা তথা সীমান্তৱৰ্তী অঞ্চলৰ পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব।
২২ নৱেম্বৰত তেওঁ অৰুণাচল প্ৰদেশৰ সমবায় খণ্ডৰ ভৱিষ্যৎ পৰিকল্পনা প্ৰকাশ কৰাৰ লগতে হ’লংগীত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (NDRF)-ৰ ১২সংখ্যক বেটেলিয়নৰ নতুন চৌহদ উদ্বোধন কৰাৰো কাৰ্যসূচী আছে।
