অসমত ২৫০ চিকিৎসা বিষয়াক নিযুক্তি
-
২৫০গৰাকী ৰেজিষ্ট্ৰাৰ আৰু ডেমনষ্ট্ৰেটৰক নিযুক্তি।
-
GMCHত অনুষ্ঠিত হয় নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান।
-
মুঠ চৰকাৰী নিযুক্তিৰ সংখ্যা ১,৬৬,৭০১লৈ বৃদ্ধি।
-
প্ৰতি বছৰে দুখনকৈ চিকিৎসা মহাবিদ্যালয় কাৰ্যক্ষম কৰাৰ লক্ষ্য।
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ১৯ নৱেম্বৰ: অসমৰ চিকিৎসা শিক্ষা আৰু স্বাস্থ্যখণ্ডক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে বৃহস্পতিবাৰে ২৫০গৰাকী নতুন ৰেজিষ্ট্ৰাৰ আৰু ডেমনষ্ট্ৰেটৰক নিযুক্তি পত্ৰ প্ৰদান কৰে। গুৱাহাটীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ (GMCH) প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত এই নিযুক্তি পত্ৰসমূহ বিতৰণ কৰা হয়।
অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ লগতে স্বাস্থ্য আৰু চিকিৎসা শিক্ষা মন্ত্ৰী অশোক সিংঘলে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।
চৰকাৰী নিযুক্তিৰ সংখ্যা ১,৬৬,৭০১লৈ বৃদ্ধি
মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ১৭ নৱেম্বৰলৈকে ৰাজ্য চৰকাৰৰ মুঠ নিযুক্তিৰ সংখ্যা আছিল ১,৬৬,৪৫১। বৃহস্পতিবাৰে নতুনকৈ ২৫০গৰাকী চিকিৎসা বিষয়াক নিযুক্তি প্ৰদান কৰাৰ পিছত এই সংখ্যা ১,৬৬,৭০১লৈ বৃদ্ধি পায়।
চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ অধীনত এই নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে। চৰকাৰে স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
প্ৰতি বছৰে দুখনকৈ চিকিৎসা মহাবিদ্যালয় কাৰ্যক্ষম কৰাৰ লক্ষ্য
অনুষ্ঠানত মন্ত্ৰী অশোক সিংঘলে অসমৰ চিকিৎসা শিক্ষাৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু স্বাস্থ্য সেৱা উন্নত কৰাৰ পৰিকল্পনাৰ কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লক্ষ্য অনুসৰি প্ৰতি বছৰে দুখনকৈ চিকিৎসা মহাবিদ্যালয় কাৰ্যক্ষম কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।
ইয়াৰ উপৰি GMCHত যকৃত সংৰোপণ কৰা ভগৎ সিঙক বৃহস্পতিবাৰে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে। জটিল অস্ত্ৰোপচাৰ সফল কৰাৰ বাবে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলৰ অৱদানৰ শলাগ লয় মন্ত্ৰীগৰাকীয়ে।
