গুৱাহাটী বিশ্ববিদ্যালয়ত মানসিক চাপমুক্ত জীৱনৰ সজাগতা সন্মিলন
-
গুৱাহাটী বিশ্ববিদ্যালয়ত ছাত্ৰী সন্মিলন অনুষ্ঠিত।
-
মানসিক চাপ নিয়ন্ত্ৰণৰ ওপৰত বিশেষজ্ঞৰ পৰামৰ্শ।
-
সামাজিক মাধ্যমৰ সীমিত ব্যৱহাৰৰ আহ্বান।
-
সুস্থ জীৱনশৈলী আৰু সময় ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব।
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ১৮ নৱেম্বৰ: গুৱাহাটী বিশ্ববিদ্যালয়ৰ মহিলা সমন্বয় কোষৰ উদ্যোগত বুধবাৰে বিশ্ববিদ্যালয়ৰ নতুন শৈক্ষিক ভৱনৰ ছেমিনাৰ হলত ‘ষ্ট্ৰেছ লেছ, লাইভ ম’ৰ’ শীৰ্ষক ছাত্ৰী সন্মিলন অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগৰ ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে।
অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই মুখ্য অতিথি হিচাপে উপস্থিত থাকে। আনহাতে, ছাত্ৰ কল্যাণ সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতিয়ে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। জি এন আৰ চিৰ ক্লিনিকেল মনোবিজ্ঞানী ড০ নিমি বৰগোহাঁইয়ে মূল ভাষণ প্ৰদান কৰি মানসিক চাপ নিয়ন্ত্ৰণৰ বিভিন্ন দিশ আলোকপাত কৰে। অনুষ্ঠানত উত্তৰ অসম প্ৰান্ত প্ৰচাৰক নিপেন বৰ্মন আৰু অসম প্ৰান্ত মহিলা সমন্বয়ৰ সঞ্চালিকা কল্যাণী ঠাকুৰীয়াও উপস্থিত থাকে।
মানসিক চাপ হ্ৰাসত সময় ব্যৱস্থাপনাৰ গুৰুত্ব
আদৰণী ভাষণত অনুষ্ঠানৰ আহ্বায়ক তথা পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা কল্পনা বৰাই সুস্থ মন, শৰীৰ আৰু আত্মাৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে শৈক্ষিক সফলতাৰ লগতে জীৱনত সুখী হৈ থাকিবলৈ মানসিকভাৱে সুস্থ থকাটোও অত্যন্ত প্ৰয়োজনীয়।
মুখ্য অতিথি অধ্যাপক উৎপল শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলক এনে কোনো কাম নকৰিবলৈ আহ্বান জনায়, যাৰ ফলত তেওঁলোকৰ পিতৃ-মাতৃয়ে আঘাত পাব পাৰে। তেওঁ লগতে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ সামগ্ৰিক বিকাশৰ লক্ষ্য আৰু ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ ভূমিকাৰ কথা উল্লেখ কৰে।
ড০ ৰঞ্জন কুমাৰ কাকতিয়ে ছাত্ৰ-ছাত্ৰীসকলক সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত দায়িত্বশীল হ’বলৈ পৰামৰ্শ দিয়ে। আনৰ সৈতে নিজকে তুলনা কৰাৰ পৰিৱৰ্তে নিজৰ সামৰ্থ্য আৰু প্ৰয়োজনীয়তাক গুৰুত্ব দিবলৈ তেওঁ আহ্বান জনায়।
ইতিবাচক চিন্তা আৰু সুস্থ জীৱনশৈলীৰ ওপৰত গুৰুত্ব
মূল ভাষণত ড০ নিমি বৰগোহাঁইয়ে সময় ব্যৱস্থাপনা, আত্মবিশ্বাস, ইতিবাচক মনোভাৱ, পৰ্যাপ্ত টোপনি আৰু ঘৰতে প্ৰস্তুত কৰা স্বাস্থ্যকৰ খাদ্য গ্ৰহণক মানসিক চাপ হ্ৰাসৰ গুৰুত্বপূৰ্ণ উপায় হিচাপে উল্লেখ কৰে। তেওঁ কয় যে সামাজিক মাধ্যমত অত্যধিক সময় অতিবাহিত কৰাটো শিক্ষাৰ্থীৰ মানসিক চাপৰ অন্যতম কাৰণ।
তেওঁৰ মতে, পঢ়া-শুনা আৰু বিভিন্ন কামৰ অতিৰিক্ত বোজাইও মানসিক চাপ সৃষ্টি কৰিব পাৰে। এনে পৰিস্থিতিত কামৰ অগ্ৰাধিকাৰ নিৰ্ধাৰণ কৰি গুৰুত্বপূৰ্ণ বিষয়ত মনোনিৱেশ কৰা উচিত। ব্যক্তিগত আৰু আন্তঃব্যক্তিক সমস্যাৰ বাবেও মানসিক চাপ আৰু উদ্বেগৰ সৃষ্টি হ’ব পাৰে। সেয়েহে নিজৰ সমস্যা পিতৃ-মাতৃ আৰু বন্ধুবৰ্গৰ সৈতে মুকলিকৈ আলোচনা কৰিবলৈ তেওঁ শিক্ষাৰ্থীসকলক পৰামৰ্শ দিয়ে।
মৌমী বৰুৱা আৰু দীপশিখা শৰ্মাই অনুষ্ঠানটোৰ প্ৰচাৰৰ দায়িত্ব পালন কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড০ অঞ্জু কলিতাই অনুষ্ঠানটোৰ আঁত ধৰে আৰু ড০ ৰাজশ্ৰী শইকীয়াই শলাগৰ শৰাই আগবঢ়ায়। বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সহযোগত ৰাষ্ট্ৰীয় সংগীত ‘বন্দে মাতৰম’ পৰিৱেশনেৰে অনুষ্ঠানৰ সফল সামৰণি পৰে।
