নাবালিকাক ধৰ্ষণৰ গোচৰত কোকৰাঝাৰত দুজনক যাৱজ্জীৱন কাৰাদণ্ড
-
দুটা পৃথক POCSO গোচৰত আদালতৰ ৰায়।
-
খগেন মুছাহাৰী আৰু আইনাল শ্বেইখ দোষী সাব্যস্ত।
-
দুয়োকে যাৱজ্জীৱন কাৰাদণ্ড।
-
গোসাইগাঁও আৰক্ষী থানাত পঞ্জীয়ন হৈছিল গোচৰ দুটা।
সমগ্ৰ সমাচাৰ সেৱা
কোকৰাঝাৰ,১৭ নৱেম্বৰ:নাবালিকাৰ ওপৰত যৌন নিৰ্যাতনৰ দুটা পৃথক গোচৰত দোষী সাব্যস্ত হোৱা দুজন ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে কোকৰাঝাৰৰ বিশেষ POCSO আদালতে। মঙলবাৰে জিলা আৰু সত্ৰ ন্যায়াধীশ নুৰজামাল হকে দুয়োটা গোচৰৰ ৰায় ঘোষণা কৰে।
দোষী সাব্যস্ত হোৱা ব্যক্তি দুজন হৈছে গোসাইগাঁও মহকুমাৰ চাৰাবিল বালাপাৰাৰ খগেন মুছাহাৰী (৪৫) আৰু ভোদিয়াগুৰিৰ আইনাল শ্বেইখ (৬১)। দুয়োটা গোচৰ গোসাইগাঁও আৰক্ষী থানাত পঞ্জীয়ন কৰা হৈছিল।
পাঁচ বছৰীয়া শিশুক নিৰ্যাতনৰ গোচৰ
গোচৰৰ তথ্য অনুসৰি, ২০২৬ চনৰ ১৪ এপ্ৰিলত খগেন মুছাহাৰীয়ে খেলি থকা পাঁচ বছৰীয়া এগৰাকী শিশুক প্ৰলোভন দেখুৱাই নিজৰ ঘৰৰ এটা কোঠালৈ নি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল। শিশুগৰাকীয়ে পৰিয়ালৰ লোকক ঘটনাটোৰ বিষয়ে অৱগত কৰাৰ পিছত আৰক্ষীয়ে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰে।
১৬ বছৰীয়া কিশোৰীক ধৰ্ষণৰ গোচৰ
আনটো গোচৰত আইনাল শ্বেইখৰ বিৰুদ্ধে ২০২৫ চনৰ ২২ ছেপ্টেম্বৰত আইতাকৰ ঘৰলৈ গৈ থকা ১৬ বছৰীয়া এগৰাকী কিশোৰীক বাটত আগভেটি ধৰি ওচৰৰ এখন চেগুন বাগিচালৈ নি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল।
দুয়োটা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত আদালতে অভিযুক্ত দুজনক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। এই ৰায়ে নাবালিকাৰ বিৰুদ্ধে সংঘটিত যৌন অপৰাধৰ ক্ষেত্ৰত আইনী ব্যৱস্থাৰ কঠোৰ স্থিতি পুনৰ স্পষ্ট কৰিলে।
