১৩ বছৰতে উপন্যাস লিখি চৰ্চাত অসমৰ প্ৰজ্ঞ
-
১৩ বছৰীয়া প্ৰজ্ঞৰ প্ৰথম উপন্যাস উন্মোচন।
-
অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ।
-
১৫ নৱেম্বৰত গুৱাহাটীত গ্ৰন্থ উন্মোচন।
-
মহাকাশৰ ৰহস্য আৰু ভয়াবহতাক কেন্দ্ৰ কৰি উপন্যাসৰ কাহিনী।
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী,১৬ নৱেম্বৰ: মাত্ৰ ১৩ বছৰ বয়সতে সাহিত্য জগতত নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছে অসমৰ এগৰাকী কিশোৰে। গুৱাহাটীৰ ১৩ বছৰীয়া ছাত্ৰ প্ৰজ্ঞ পুন্নাগ হাজৰিকাই তেওঁৰ প্ৰথমখন ইংৰাজী ছাই-ফাই হৰৰ উপন্যাস ‘ABERRANT: DISCOVERY ONE’ আনুষ্ঠানিকভাৱে উন্মোচন কৰে।
অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ প্ৰজ্ঞই ১৫ নৱেম্বৰত গুৱাহাটীৰ ফৰ্চুন কনভেনচন চেণ্টাৰত অনুষ্ঠিত এক অনুষ্ঠানত উপন্যাসখন উন্মোচন কৰে।
বিশিষ্ট ব্যক্তিৰ উপস্থিতিত গ্ৰন্থ উন্মোচন
উপন্যাসখন জ্যেষ্ঠ সাংবাদিক দুৰ্বা ঘোষ, News18 North Eastৰ মুখ্য সম্পাদক পৰাগমণি আদিত্য আৰু কবি দিলীপ কুমাৰ বৰাই আনুষ্ঠানিকভাৱে উন্মোচন কৰে।
মহাকাশৰ ৰহস্যক লৈ উপন্যাসৰ কাহিনী
এখন কাল্পনিক আমেৰিকান মহাকাশ কেন্দ্ৰ ‘FIR’ক কেন্দ্ৰ কৰি উপন্যাসখনৰ কাহিনী আগবাঢ়িছে। ১৯৯৭ চনৰ ১২ জুলাইত মহাকাশৰ প্ৰতিকূল পৰিৱেশত এটা জীৱিত জীৱৰ ৰহস্যময় আৱিষ্কাৰৰ জৰিয়তে কাহিনীৰ আৰম্ভণি ঘটে।
উপন্যাসখনত আঠজন মহাকাশচাৰীয়ে বিভিন্ন বৈজ্ঞানিক ৰহস্য, প্ৰযুক্তিগত বিজুতি আৰু জীৱন ৰক্ষাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা কাহিনী বৰ্ণনা কৰা হৈছে। এৰোস্পেচ ইঞ্জিনিয়াৰিং, বৈজ্ঞানিক অনুসন্ধান, মানসিক উত্তেজনা আৰু ভয়াবহতাৰ সংমিশ্ৰণেৰে প্ৰজ্ঞই উপন্যাসখনত এক সুকীয়া কাহিনী উপস্থাপন কৰিছে।
কম বয়সতে এনে ব্যতিক্ৰমী সাহিত্য সৃষ্টিৰে প্ৰজ্ঞ পুন্নাগ হাজৰিকাই অসমৰ কিশোৰ প্ৰতিভাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।
