November 22, 2026

Global Assam News

Global and Local Assam News Website

অসমত ৩.১৬ লাখ হেক্টৰ বনভূমি বেদখলৰ কবলত
  • ৩.১৬ লাখ হেক্টৰতকৈ অধিক বনভূমি বেদখল।

  • পাঁচ বছৰত ১৮ হাজাৰ হেক্টৰ ভূমি উদ্ধাৰ।

  • বেদখলমুক্ত কৰাৰ বাবে আপোচবিহীন কৌশল।

  • উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি নতুন পৰিকল্পনা।

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ১৬ নৱেম্বৰ: অসমৰ ৩.১৬ লাখ হেক্টৰতকৈ অধিক বনভূমি এতিয়াও বেদখলকাৰীৰ কবলত আছে। সোমবাৰে এই তথ্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে যে বিগত পাঁচ বছৰত ৰাজ্য চৰকাৰে ১৮ হাজাৰ হেক্টৰতকৈ অধিক বেদখলকৃত বনভূমি বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছে। উদ্ধাৰ কৰা এই ভূমিৰ পৰিমাণ গুৱাহাটী মহানগৰীৰ মাটিকালিৰ প্ৰায় সমান বুলি তেওঁ উল্লেখ কৰে।

বেদখলমুক্ত কৰাৰ অভিযান অব্যাহত

মুখ্যমন্ত্ৰীয়ে কয় যে বিগত পাঁচ বছৰত যথেষ্ট পৰিমাণৰ বনভূমি উদ্ধাৰ কৰা হৈছে যদিও এতিয়াও বহু ভূমি বেদখলমুক্ত কৰিবলৈ বাকী আছে। ৰাজ্যৰ প্ৰতিটো ইঞ্চি বেদখলকৃত ভূমি উদ্ধাৰৰ লক্ষ্যৰে চৰকাৰে আপোচবিহীন কৌশল গ্ৰহণ কৰিব বুলিও তেওঁ স্পষ্ট কৰে।

বন সংৰক্ষণৰ বাবে নতুন পৰিকল্পনা

ইফালে, ১৬ নৱেম্বৰত লোক সেৱা ভৱনত পৰিৱেশ আৰু বন বিভাগৰ বিষয়াসকলৰ সৈতে অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্ৰীয়ে বনভূমিৰ বেদখল সমস্যা সমাধানৰ বাবে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি এক বিস্তৃত পৰিকল্পনা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে জব্দ কৰা বনজ সম্পদৰ ব্যৱস্থাপনাৰ বাবে এছ অ’ পি প্ৰস্তুত কৰা আৰু বন ৰাজহ সংগ্ৰহৰ বাবে পৃথক নিগম গঠনৰ সম্ভাৱনা পৰীক্ষা কৰিবলৈও নিৰ্দেশ দিয়ে।

ৰাজ্যৰ বনাঞ্চল সংৰক্ষণ আৰু বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ এই পদক্ষেপে আগন্তুক দিনত বিশেষ গুৰুত্ব লাভ কৰিব বুলি আশা কৰা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *