ফাঁচীবজাৰত পথ ব্যৱসায়ীক ছুৰিকাঘাত, ৩ গ্ৰেপ্তাৰ
-
ফাঁচীবজাৰত পথৰ দোকানক লৈ বিবাদ।
-
দোকানৰ ভিতৰলৈ টানি নি আক্ৰমণৰ অভিযোগ।
-
এজনক ছুৰিৰে আঘাত, মুঠ তিনিজন আহত।
-
তিনিজন অভিযুক্তক আৰক্ষীৰ গ্ৰেপ্তাৰ।
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ১২ নৱেম্বৰ: গুৱাহাটীৰ ফাঁচীবজাৰত এগৰাকী পথ ব্যৱসায়ীক এখন দোকানৰ ভিতৰলৈ টানি নি মাৰপিট কৰাৰ লগতে ছুৰিকাঘাত কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে।
পথৰ দোকানক কেন্দ্ৰ কৰি বিবাদ
প্ৰাপ্ত তথ্য অনুসৰি, বম্বে বিউটি বজাৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ সন্মুখত পথৰ দোকান চলোৱাক লৈ দুয়োপক্ষৰ মাজত প্ৰথমে তৰ্ক-বিতৰ্কৰ সূত্ৰপাত হয়। পৰৱৰ্তী সময়ত এই বিবাদে মাৰপিটৰ ৰূপ লয়। অভিযোগ অনুসৰি, পথৰ দোকানখনৰ কৰ্মচাৰীক দোকানৰ ভিতৰলৈ টানি নি আক্ৰমণ কৰা হয় আৰু এজনক ছুৰিৰে আঘাত কৰা হয়।
আৰক্ষীৰ অভিযানত তিনিজন গ্ৰেপ্তাৰ
ঘটনাটোত তিনিজন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। আহতসকলৰ ভিতৰত সমীৰ আহমেদ, জাহিদ আলম মজুমদাৰ আৰু সৌৰভ আলী আছে। ঘটনাৰ পিছতে পানবজাৰ আৰক্ষী থানাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আৰক্ষীয়ে বম্বে বিউটি বজাৰৰ তিনিজন কৰ্মচাৰী ছোহৰাব আলী, মহম্মদ ঔৰংজেব আৰু ছোহাইবক গ্ৰেপ্তাৰ কৰিছে।
ঘটনা সন্দৰ্ভত দুয়োপক্ষই পানবজাৰ আৰক্ষী থানাত পৃথকে পৃথকে অভিযোগ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
