ভুৱা CISCE প্ৰমাণপত্ৰৰ তদন্তত CID, ৪,৯৩৪ শিক্ষাৰ্থী সন্দেহৰ আৱৰ্তত
-
৪,৯৩৪গৰাকী শিক্ষাৰ্থীৰ নামভৰ্তিত ভুৱা প্ৰমাণপত্ৰ ব্যৱহাৰৰ অভিযোগ।
-
৯৪টা প্ৰতিষ্ঠানৰ বিৰুদ্ধে অভিযোগ।
-
নগাঁও জিলাত অধিক শিক্ষাৰ্থীৰ নামভৰ্তিৰ তথ্য।
-
CIDৰ তদন্ত আৰু SIT গঠনৰ দাবী।
সমগ্ৰ সমাচাৰ সেৱা
অসম,১২ নৱেম্বৰ:অসমত ভুৱা শিক্ষাগত প্ৰমাণপত্ৰৰ এক বৃহৎ ঘটনা পোহৰলৈ অহাৰ পিছতে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে (CID) তদন্ত আৰম্ভ কৰিছে। Council for the Indian School Certificate Examinations (CISCE)ৰ নামত জাৰি কৰা বুলি অভিযোগ উঠা দশম শ্ৰেণীৰ ভুৱা উত্তীৰ্ণ প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি ৰাজ্যৰ ৪,৯৩৪গৰাকী শিক্ষাৰ্থীয়ে একাদশ শ্ৰেণীত নামভৰ্তি কৰাৰ তথ্য পোহৰলৈ আহিছে।
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ (ASSEB) দ্বিতীয় বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২৫-২৬ শিক্ষাবৰ্ষত ২,০৮৩গৰাকী আৰু ২০২৬-২৭ শিক্ষাবৰ্ষত ২,৮৫১গৰাকী শিক্ষাৰ্থীয়ে এনে প্ৰমাণপত্ৰৰ জৰিয়তে একাদশ শ্ৰেণীত নামভৰ্তি কৰিছিল।
নগাঁও জিলাত অধিক শিক্ষাৰ্থীৰ নামভৰ্তিৰ অভিযোগ
শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে জানিবলৈ দিয়া অনুসৰি, এনে প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি নামভৰ্তি কৰা অধিকাংশ শিক্ষাৰ্থী নগাঁও জিলাৰ। তেওঁ লগতে কয় যে CID-এ ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। প্ৰমাণপত্ৰসমূহ ভুৱা বুলি প্ৰমাণিত হ’লে সংশ্লিষ্ট শিক্ষাৰ্থীসকলৰ নামভৰ্তি বাতিল কৰা হ’ব।
পৰিষদৰ তথ্য অনুসৰি, অসম আৰু অৰুণাচল প্ৰদেশত CISCEৰ সৈতে সংযুক্ত বিদ্যালয়ৰ সংখ্যা মাত্ৰ ২৮খন। কিন্তু ৯৪টা প্ৰতিষ্ঠানে CISCEৰ নামত প্ৰমাণপত্ৰ জাৰি কৰাৰ অভিযোগ উত্থাপিত হৈছে।
শিক্ষাৰ্থীৰ পঞ্জীয়ন বন্ধ, আইনী ব্যৱস্থাৰ প্ৰস্তুতি
ইতিমধ্যে ২০২৬-২৭ শিক্ষাবৰ্ষত এনে প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি নামভৰ্তি কৰা শিক্ষাৰ্থীসকলৰ পঞ্জীয়ন বন্ধ কৰিছে পৰিষদে। লগতে সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে এজাহাৰ দাখিলসহ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক অনুৰোধ জনাইছে।
আনহাতে, হোজাই জিলা সমিতিৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে (AAMSU) এই ঘটনাৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল (SIT) গঠনৰ দাবী জনাইছে। সংগঠনটোৰ দাবী অনুসৰি, হোজাই জিলাতো ৬০০ৰো অধিক শিক্ষাৰ্থীয়ে এনে প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি নামভৰ্তি কৰিছে।
