অসমত খচৰা ভোটাৰ তালিকা প্ৰকাশ, ভোটাৰ ২.৫২ কোটি
-
অসমত মুঠ ভোটাৰ ২,৫১,৭৬,৯১০জন।
-
২,১৮,৭৭১জন ভোটাৰ বৃদ্ধি।
-
মহিলা ভোটাৰৰ সংখ্যা পুৰুষতকৈ সামান্য বেছি।
-
১১ ডিচেম্বৰলৈকে দাবী আৰু আপত্তি দাখিলৰ সুযোগ।
সমগ্ৰ সমাচাৰ সেৱা
অসম,১২ নৱেম্বৰ:অসমত বৃহস্পতিবাৰে ২০২৭ চনৰ বিশেষ সংক্ষিপ্ত সংশোধনী (Special Summary Revision)ৰ অধীনত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। নতুন তালিকাত ৰাজ্যৰ মুঠ ভোটাৰৰ সংখ্যা ২,৫১,৭৬,৯১০ জনলৈ বৃদ্ধি পাইছে। পূৰ্বৰ চূড়ান্ত ভোটাৰ তালিকাৰ তুলনাত ২,১৮,৭৭১জন ভোটাৰ বৃদ্ধি পাইছে।
মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, নতুন খচৰা তালিকাত ১,২৫,৮৭,৬৫০জন পুৰুষ, ১,২৫,৮৮,৯৩৯গৰাকী মহিলা আৰু ৩২১গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে। এইবাৰৰ তালিকাত পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা সামান্য বেছি।
৪.১২ লাখ নতুন নাম সংযোজন
নিৰ্বাচনী বিভাগৰ তথ্য অনুসৰি, ভোটাৰ তালিকাৰ নিৰন্তৰ সংশোধনী প্ৰক্ৰিয়াত মুঠ ৪,১২,৩৪৪জন ভোটাৰৰ নাম নতুনকৈ সংযোজন কৰা হৈছে। আনহাতে, ১,৯৩,৫৭৩জনৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছে। ইয়াৰ ফলত মুঠ ভোটাৰৰ সংখ্যা ২,১৮,৭৭১জন বৃদ্ধি পাইছে।
খচৰা তালিকাত ২,০৫,৯৬২গৰাকী বিশেষভাৱে সক্ষম ভোটাৰ, ১৮-১৯ বছৰ বয়সৰ ২,৮৭,২৩৩জন যুৱ ভোটাৰ আৰু ৮৫ বছৰৰ ঊৰ্ধ্বৰ ১,২২,১৯৮জন ভোটাৰ অন্তৰ্ভুক্ত হৈছে।
১১ ডিচেম্বৰলৈকে দাবী-আপত্তি দাখিলৰ সুযোগ
নিৰ্বাচনী বিভাগে প্ৰকাশ কৰা সময়সূচী অনুসৰি, ১২ নৱেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈকে ভোটাৰসকলে নিজৰ নাম আৰু তথ্য পৰীক্ষা কৰাৰ লগতে প্ৰয়োজনীয় দাবী আৰু আপত্তি দাখিল কৰিব পাৰিব। এই দাবী-আপত্তিসমূহ ২৮ ডিচেম্বৰৰ ভিতৰত নিষ্পত্তি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
অহা ৪ জানুৱাৰী, ২০২৭ত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব। সেয়ে সকলো যোগ্য ভোটাৰকে খচৰা তালিকাত নিজৰ নাম আৰু অন্যান্য তথ্য পৰীক্ষা কৰিবলৈ নিৰ্বাচনী বিভাগে আহ্বান জনাইছে।
