November 21, 2026

Global Assam News

Global and Local Assam News Website

ভালুকপুঙ সীমান্তত উত্তেজনা, পথ অৱৰোধ
  • ভালুকপুঙত স্থানীয় লোকক আক্ৰমণৰ অভিযোগ।

  • অসম-অৰুণাচল সীমান্তত দুই সম্প্ৰদায়ৰ লোকৰ সমাৱেশ।

  • কেইবাঘণ্টা ধৰি পথ অৱৰোধ।

  • আৰক্ষীৰ হস্তক্ষেপত যান-বাহনৰ চলাচল স্বাভাৱিক।

সমগ্ৰ সমাচাৰ সেৱা

ভালুকপুঙ, ১০ নৱেম্বৰ: অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ ভালুকপুঙত এগৰাকী অসমৰ স্থানীয় লোকক আক্ৰমণ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। সোমবাৰে নিশা সংঘটিত এই ঘটনাৰ পিছতে দুয়োখন ৰাজ্যৰ সীমান্তৰ চেকগেটৰ ওচৰত দুই সম্প্ৰদায়ৰ বৃহৎ সংখ্যক লোক সমবেত হয়।

প্ৰাপ্ত তথ্য অনুসৰি, অৰুণাচল প্ৰদেশৰ দুটা সম্প্ৰদায়ৰ মাজত চলি থকা বিবাদৰ মাজতে ভালুকপুঙৰ এজন লোকক অৰুণাচল প্ৰদেশৰ আন এজন ব্যক্তিয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাৰ পিছতে অসমৰ ফালে স্থানীয় লোকসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয়।

সীমান্তত দুই সম্প্ৰদায়ৰ লোকৰ সমাৱেশ

ঘটনাৰ পিছতে ভালুকপুঙ চেকগেটৰ দুয়োফালে বৃহৎ সংখ্যক লোক সমবেত হয়। অসমৰ ফালে বড়ো সম্প্ৰদায়ৰ লোকসকল আৰু অৰুণাচল প্ৰদেশৰ ফালে নিছি সম্প্ৰদায়ৰ লোকসকল সমবেত হয়। লগতে সদৌ নিছি ছাত্ৰ সন্থা (ANSU) আৰু সদৌ নিছি যুৱ সন্থা (ANYA)ৰ প্ৰতিনিধিসকলো ঘটনাস্থলীত উপস্থিত থাকে।

আৰক্ষীৰ হস্তক্ষেপত পথ অৱৰোধ প্ৰত্যাহাৰ

আক্ৰমণৰ প্ৰতিবাদত অসমৰ ফালৰ লোকসকলে কেইবাঘণ্টা ধৰি পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াৰ ফলত উক্ত পথছোৱাত যান-বাহনৰ চলাচল ব্যাহত হয়।

পৰৱৰ্তী সময়ত অসম আৰক্ষী আৰু অৰুণাচল প্ৰদেশ আৰক্ষীৰ হস্তক্ষেপ তথা সংশ্লিষ্ট পক্ষসমূহৰ মাজত আলোচনাৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। প্ৰতিবাদকাৰীসকলে পথ অৱৰোধ প্ৰত্যাহাৰ কৰাত যান-বাহনৰ চলাচল পুনৰ স্বাভাৱিক হয়।

অৱশ্যে, পথ অৱৰোধ উঠাই লোৱাৰ পিছতো সীমান্ত অঞ্চলটোত উত্তেজনা অব্যাহত থকা বুলি জানিব পৰা গৈছে। ভৱিষ্যতে যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়, তাৰ বাবে দুয়োখন ৰাজ্যৰ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীক সতৰ্ক হৈ থাকিবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *