২৮-২৯ নৱেম্বৰত ষষ্ঠ ‘ফকটী’ উৎসৱ
-
২৮ আৰু ২৯ নৱেম্বৰত ষষ্ঠ ফকটী উৎসৱ।
-
বিশ্বনাথৰ হাতীপটি চাহ বাগিচাত আয়োজন।
-
চাহ জনগোষ্ঠীৰ পৰম্পৰাগত খেল-ধেমালি আৰু লোকসংগীত।
-
২৯ নৱেম্বৰত সাধাৰণ দৰ্শকৰ বাবে বিনামূলীয়া প্ৰৱেশ।
সমগ্ৰ সমাচাৰ সেৱা
বিশ্বনাথ চাৰিআলি, ১০ নৱেম্বৰ: অসমৰ চাহ সংস্কৃতি, জনগোষ্ঠীয় পৰম্পৰা আৰু লোককলাক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত কৰাৰ লক্ষ্যৰে এইবাৰো অনুষ্ঠিত হ’ব ষষ্ঠ সংখ্যক ‘ফকটী’ (FolkTea) উৎসৱ। অহা ২৮ আৰু ২৯ নৱেম্বৰত বিশ্বনাথ জিলাৰ পাভৈস্থিত ঐতিহ্যমণ্ডিত হাতীপটি চাহ বাগিচাত দুদিনীয়া কাৰ্যসূচীৰে এই উৎসৱ অনুষ্ঠিত হ’ব।
নন্দ তালুকদাৰ ফাউণ্ডেচনৰ উদ্যোগত আৰু হাতীপটি টি-ৰ সহযোগত আয়োজিত এই উৎসৱত অসমৰ লোকসংস্কৃতি, চাহ জনগোষ্ঠীৰ পৰম্পৰাগত খেল-ধেমালি, সংগীত, নাট্য আৰু খাদ্য সম্ভাৰৰ সমাহাৰ ঘটিব।
উদ্যোগীসকলৰ বাবে বিশেষ কাৰ্যসূচী
উৎসৱৰ প্ৰথম দিনা অৰ্থাৎ ২৮ নৱেম্বৰত ‘ফাউণ্ডাৰ্ছ ক্লাব ৰিট্ৰিট’ শীৰ্ষক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হ’ব। ইয়াত অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ উদ্যোগী, ষ্টাৰ্টআপ প্ৰতিষ্ঠাপক আৰু ব্যৱসায়িক নেতাসকলে অংশগ্ৰহণ কৰি নতুন ব্যৱসায়িক সম্ভাৱনা আৰু সহযোগিতাৰ বিষয়ে আলোচনা কৰিব।
সন্ধিয়াৰ সাংস্কৃতিক কাৰ্যসূচীত আকাশবন্তি উৰুৱা, ‘ডিজিটাইজিং অসম’ প্ৰকল্পৰ উপস্থাপন, হীৰকজ্যোতি শৰ্মাৰ লোকসংগীত দলৰ পৰিৱেশন আৰু নয়ন প্ৰসাদৰ পৰিচালনাত নাট্য প্ৰদৰ্শন অনুষ্ঠিত হ’ব। ইয়াৰ উপৰি সংগীত শিল্পী মৈত্ৰেয়ী পাটৰৰ সংগীতানুষ্ঠানেও দৰ্শকক মনোৰঞ্জন কৰিব।
পৰম্পৰাগত খেল-ধেমালি আৰু সংগীতেৰে সামৰণি
উৎসৱৰ দ্বিতীয় দিনা ২৯ নৱেম্বৰত অৰুণাচল প্ৰদেশৰ সীমান্ত অভিমুখে বিশেষ কাৰ ৰেলী অনুষ্ঠিত হ’ব। লগতে চাহ জনগোষ্ঠীৰ পৰম্পৰাগত খেল-ধেমালি আৰু থলুৱা ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
উৎসৱৰ সামৰণি অনুষ্ঠানত জনপ্ৰিয় সংগীত শিল্পী তন্ময় শইকীয়াই সংগীত পৰিৱেশন কৰিব। আয়োজকসকলৰ মতে, এই উৎসৱৰ জৰিয়তে অসমৰ চাহক কেৱল কৃষিজাত সামগ্ৰী হিচাপে নহয়, ৰাজ্যখনৰ ইতিহাস, পৰিচয়, আতিথ্য আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক হিচাপেও প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰা হৈছে।
উল্লেখ্য যে, ২৯ নৱেম্বৰৰ মূল উৎসৱত সাধাৰণ দৰ্শকৰ প্ৰৱেশ বিনামূলীয়া হ’ব।
