November 22, 2026

Global Assam News

Global and Local Assam News Website

বান সাহায্যৰ বাবে মুখ্যমন্ত্ৰীৰ পুঁজিলৈ BGPৰ ২.৩৪ লাখ টকাৰ অনুদান

বান সাহায্যৰ বাবে মুখ্যমন্ত্ৰীৰ পুঁজিলৈ BGPৰ ২.৩৪ লাখ টকাৰ অনুদান
  • BGPৰ ২,৩৪,৫৬৭ টকাৰ অনুদান।

  • শিৱসাগৰৰ বিহুবৰৰ বানপীড়িতক সহায়।

  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সাক্ষাৎ।

  • গোৰ্খা সম্প্ৰদায়ৰ বনবাসীৰ স্বীকৃতিৰ দাবী।

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ৯ নৱেম্বৰ: অসমৰ বানপীড়িত লোকসকলক সহায়ৰ উদ্দেশ্যে ভাৰতীয় গোৰ্খা পৰিষদৰ (BGP) অসম ৰাজ্যিক সমিতিয়ে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২,৩৪,৫৬৭ টকা অনুদান আগবঢ়ায়।

৫ নৱেম্বৰত গুৱাহাটীৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে ভাৰতীয় গোৰ্খা পৰিষদৰ এটা প্ৰতিনিধি দলে। সমিতিৰ মুখ্য উপদেষ্টা তথা প্ৰাক্তন সভাপতি অমৰ অধিকাৰীৰ নেতৃত্বত যোৱা দলটোত সংগঠনটোৰ ৰাষ্ট্ৰীয় সভাপতি নিত্যানন্দ উপাধ্যায় আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক নন্দ কিৰাতি দেৱানো উপস্থিত আছিল।

গোৰ্খা সম্প্ৰদায়ৰ অধিকাৰক লৈ আলোচনা

সাক্ষাৎকালত প্ৰতিনিধি দলটোৱে অসমৰ গোৰ্খা সম্প্ৰদায়ক বন অধিকাৰ আইন, ২০০৬ৰ অধীনত ‘অন্যান্য পৰম্পৰাগত বনবাসী’ (OTFD) হিচাপে স্বীকৃতি প্ৰদানৰ দাবী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰে।

মুখ্যমন্ত্ৰীয়ে বিষয়টোত ৰাজ্য চৰকাৰে নিজৰ অধিকাৰক্ষেত্ৰৰ ভিতৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে। লগতে এই বিষয়ত পৰৱৰ্তী ব্যৱস্থাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে যোগাযোগ কৰিবলৈ সংগঠনটোক পৰামৰ্শ দিয়ে।

শিৱসাগৰৰ বানপীড়িতক সহায়ৰ লক্ষ্য

আনহাতে, প্ৰতিনিধি দলটোৱে মুখ্যমন্ত্ৰীৰ হাতত ২,৩৪,৫৬৭ টকাৰ চেক অৰ্পণ কৰে। এই ধন শিৱসাগৰ জিলাৰ বিহুবৰ অঞ্চলৰ বানপীড়িত পৰিয়ালসমূহৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে আগবঢ়োৱা হৈছে।

অনুদানৰ জৰিয়তে বানপীড়িত লোকসকলৰ কাষত থিয় দিয়াৰ লগতে ৰাজ্যখনৰ সাহায্য আৰু পুনৰ্বাসন কাৰ্যসূচীত সহযোগিতা আগবঢ়োৱাৰ কথা প্ৰকাশ কৰে সংগঠনটোৱে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *