তিনিচুকীয়াৰ ঢলা নৈত সন্ধানহীন লোকৰ মৃতদেহ উদ্ধাৰ
-
ঢলা নৈত মৃতদেহ উদ্ধাৰ।
-
মৃত লোকজনৰ নাম টুনা মুৰা।
-
৪ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল।
-
ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
সমগ্ৰ সমাচাৰ সেৱা
তিনিচুকীয়া, ৮ নৱেম্বৰ: তিনিচুকীয়া জিলাৰ ঢলা নৈৰ পৰা সন্ধানহীন হৈ থকা এজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ঘটনাক কেন্দ্ৰ কৰি স্থানীয় অঞ্চলত শোকৰ পৰিৱেশৰ সৃষ্টি হৈছে। উদ্ধাৰ হোৱা মৃতদেহটো সন্ধানহীন লোকজনৰ বুলি সন্দেহ কৰা হৈছে।
৪ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল লোকজন
উদ্ধাৰ হোৱা লোকজনৰ নাম টুনা মুৰা (৫৫)। তেওঁ ঢলাৰ অন্তৰ্গত নং বৰমুৰা গাঁৱৰ বাসিন্দা আছিল। যোৱা ৪ নৱেম্বৰৰ পৰা তেওঁ সন্ধানহীন হৈ আছিল।
পত্নীৰ চিকিৎসাৰ বাবে ধন যোগাৰ কৰিবলৈ গৈছিল বুলি সন্দেহ
স্থানীয় লোকৰ ভাষ্য অনুসৰি, মাকুমস্থিত তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত তেওঁৰ পত্নীৰ চিকিৎসা চলি আছিল। চিকিৎসাৰ ব্যয় বহন কৰিবলৈ পৰিয়ালটোৱে আৰ্থিক সমস্যাৰ সন্মুখীন হৈছিল। পত্নীৰ চিকিৎসাৰ বাবে ধন ধাৰ কৰিবলৈ নদী পাৰ হ’বলৈ চেষ্টা কৰোঁতে তেওঁ পানীত পৰি ডুব যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে। অৱশ্যে এই তথ্যৰ আনুষ্ঠানিক নিশ্চিতকৰণ হোৱা নাই।
নৈত মৃতদেহটো ওপঙি থকা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে। ঢলা আৰক্ষী আৰু তালাপ আৰক্ষী চকীৰ লোকে উদ্ধাৰ অভিযান চলায়। পিছত তালাপ আৰক্ষীয়ে মৃতদেহটো নিজৰ জিম্মাত লয়। ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
