শোণাপুৰৰ বৃদ্ধাশ্ৰমত জ্যেষ্ঠ নাগৰিকৰ সৈতে দীপাৱলী পালন ৰাজ্যপালৰ
-
শোণাপুৰৰ চৰকাৰী বৃদ্ধাশ্ৰমত দীপাৱলী উদযাপন।
-
জ্যেষ্ঠ নাগৰিকৰ সৈতে বন্তি প্ৰজ্বলন।
-
বৃদ্ধসকলৰ মৰ্যাদা আৰু যত্নৰ ওপৰত গুৰুত্ব।
-
বৃদ্ধাশ্ৰমত ঘৰুৱা পৰিৱেশ নিশ্চিত কৰাৰ আহ্বান।
সমগ্ৰ সমাচাৰ সেৱা
শোণাপুৰ,৮ নৱেম্বৰ :অসমৰ ৰাজ্যপালে শোণাপুৰস্থিত চৰকাৰী বৃদ্ধাশ্ৰমত আৱাসী জ্যেষ্ঠ নাগৰিকসকলৰ সৈতে দীপাৱলী উদযাপন কৰে। এই উপলক্ষে ৰাজ্যপালে বৃদ্ধাশ্ৰমৰ আৱাসীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ সুখ-দুখৰ বুজ লয়।
বৃদ্ধসকলৰ প্ৰতি মৰম, সন্মান আৰু যত্নৰ আহ্বান
ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই বৃদ্ধসকলৰ জীৱনজোৰা অভিজ্ঞতা, ত্যাগ আৰু অৱদানৰ কথা উল্লেখ কৰি কয় যে সমাজৰ প্ৰকৃত সমৃদ্ধি জ্যেষ্ঠ নাগৰিকসকলক প্ৰদান কৰা মৰ্যাদা, মৰম আৰু যত্নৰ মাজতে প্ৰতিফলিত হয়। তেওঁ বৃদ্ধাশ্ৰম কৰ্তৃপক্ষক প্ৰতিগৰাকী আৱাসীৰ বাবে ঘৰুৱা আৰু মৰমিয়াল পৰিৱেশ নিশ্চিত কৰিবলৈ আহ্বান জনায়, যাতে কোনো বৃদ্ধই অকলশৰীয়া বা অৱহেলিত অনুভৱ কৰিবলগীয়া নহয়।
অনুষ্ঠানত দিমৰীয়া সমষ্টিৰ বিধায়ক ডাঃ তপন দাস, সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সচিব পল্লৱ গোপাল ঝা, সঞ্চালক স্বপ্না কাকতিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
