November 22, 2026

Global Assam News

Global and Local Assam News Website

তেজপুৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন অশোক সিংহলৰ

তেজপুৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন অশোক সিংহলৰ
  • তেজপুৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ।

  • গৰ্ভৱতী মহিলাৰ বাবে টোকেন ব্যৱস্থাৰ পৰামৰ্শ।

  • ঔষধ আৰু চিকিৎসা সঁজুলিৰ উপলব্ধতা পৰীক্ষা।

  • ৰোগীৰ বিচনা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বুজ লয় মন্ত্ৰীয়ে।

সমগ্ৰ সমাচাৰ সেৱা

তেজপুৰ, ৭ নৱেম্বৰ:ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে শনিবাৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (TMCH) পৰিদৰ্শন কৰি চিকিৎসা সেৱা, আন্তঃগাঁথনি আৰু ৰোগীৰ বাবে উপলব্ধ সুবিধাসমূহৰ বুজ লয়।

পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়ত চিকিৎসাধীন ৰোগীসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অসুবিধা আৰু চিকিৎসা সেৱাৰ মান সম্পৰ্কে মতামত গ্ৰহণ কৰে। প্ৰায় ৩০ মিনিট ধৰি শাৰীত অপেক্ষা কৰি থকা এগৰাকী গৰ্ভৱতী মহিলাৰ সৈতে কথা পাতি তেওঁ অসন্তুষ্টি প্ৰকাশ কৰে।

গৰ্ভৱতী মহিলাৰ বাবে টোকেন ব্যৱস্থাৰ পৰামৰ্শ

মন্ত্ৰীগৰাকীয়ে কয় যে গৰ্ভৱতী মহিলাসকলক চিকিৎসাৰ বাবে দীঘলীয়া সময় অপেক্ষা কৰাব নালাগে। তেওঁ ৰোগীসকলৰ অসুবিধা হ্ৰাস কৰাৰ বাবে টোকেন ব্যৱস্থা প্ৰৱৰ্তনৰ পৰামৰ্শ আগবঢ়ায়।

ইয়াৰ উপৰি কাণ, নাক আৰু ডিঙি (ENT) বিভাগৰ এগৰাকী কণমানি ৰোগীৰ সৈতেও মত বিনিময় কৰে।

চিকিৎসা আন্তঃগাঁথনিৰ বুজ ল’লে মন্ত্ৰীয়ে

পৰিদৰ্শনৰ সময়ত অশোক সিংহলে চিকিৎসালয়ৰ চিকিৎসা সঁজুলি, ঔষধৰ উপলব্ধতা আৰু ৰোগীৰ চিকিৎসা নথি-পত্ৰ পৰীক্ষা কৰে। বৃদ্ধ ৰোগী আৰু কঁকালৰ হাড় ভঙা ৰোগীসকলৰ বাবে থকা সুবিধাসমূহৰ বিষয়েও তেওঁ বুজ লয়।

চিকিৎসালয়ৰ অধীক্ষকৰ পৰা ৰোগীৰ সংখ্যা, বিচনাৰ উপলব্ধতা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ব্যৱস্থাৰ বিষয়েও তথ্য গ্ৰহণ কৰে। লগতে চিকিৎসক আৰু আৱাসিক চিকিৎসকসকলৰ সৈতে মত বিনিময় কৰি চিকিৎসা সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত তেওঁলোকে সন্মুখীন হোৱা সমস্যাসমূহৰ বুজ লয়।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *