১২ নৱেম্বৰত গুৱাহাটীত ২৪ ঘণ্টীয়া পেট্ৰ’ল পাম্প বন্ধ
-
১২ নৱেম্বৰত ২৪ ঘণ্টীয়া পেট্ৰ’ল পাম্প বন্ধ।
-
তেল বিপণন কোম্পানীৰ বিৰুদ্ধে ডিলাৰ সন্থাৰ প্ৰতিবাদ।
-
ডিলাৰ কমিছন বৃদ্ধিৰ দাবী।
-
মহানগৰীৰ সকলো পেট্ৰ’ল পাম্প বন্ধ ৰখাৰ ঘোষণা।
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ৬ নৱেম্বৰ: তেল বিপণন কোম্পানীসমূহৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ১২ নৱেম্বৰত গুৱাহাটী মহানগৰীত ২৪ ঘণ্টীয়া পেট্ৰ’ল পাম্প বন্ধৰ কাৰ্যসূচী ঘোষণা কৰিছে নৰ্থ-ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ্ছ এছ’চিয়েচনে (NEIPDA)। সংগঠনটোৰ সিদ্ধান্ত অনুসৰি, ১২ নৱেম্বৰৰ পুৱা এই বন্ধ কাৰ্যসূচী আৰম্ভ হ’ব।
তেল কোম্পানীৰ বিৰুদ্ধে ডিলাৰ সন্থাৰ অভিযোগ
সংগঠনটোৰ অভিযোগ অনুসৰি, অইল মাৰ্কেটিং কোম্পানীসমূহে পৰিবহণকাৰী আৰু শ্ৰমিক সংগঠনৰ সৈতে মিলি ডিলাৰসকলৰ কাম-কাজত বিভিন্ন বাধাৰ সৃষ্টি কৰি আহিছে। বিশেষকৈ ইন্ধন পৰিবহণৰ সময়ত নিৰ্ধাৰিত পৰিমাণতকৈ কম ইন্ধন যোগান ধৰা আৰু কোনো যুক্তিসংগত কাৰণ নোহোৱাকৈ ইন্ধনৰ লোড বাতিল কৰাৰ অভিযোগ উত্থাপন কৰিছে সন্থাই।
ইয়াৰ উপৰি, পেট্ৰ’ল পাম্পৰ মালিকসকলে দীৰ্ঘদিন ধৰি ডিলাৰ কমিছন বৃদ্ধিৰ দাবী জনাই আহিছে। ব্যৱসায় পৰিচালনাৰ ব্যয় বৃদ্ধি পোৱাৰ বিপৰীতে বৰ্তমানৰ কমিছন পৰ্যাপ্ত নহয় বুলি তেওঁলোকে অভিযোগ কৰিছে।
মহানগৰীৰ সকলো পেট্ৰ’ল পাম্প বন্ধ থাকিব
সন্থাৰ ঘোষণা অনুসৰি, ১২ নৱেম্বৰত গ্ৰেটাৰ গুৱাহাটীৰ সকলো ৰাজহুৱা আৰু ব্যক্তিগত পেট্ৰ’ল পাম্প ২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব। ফলত ব্যক্তিগত বাহনৰ গৰাকী, যাতায়াতকাৰী আৰু পৰিবহণ ব্যৱস্থাৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।
ইফালে, বন্ধৰ ফলত সম্ভাৱ্য অসুবিধা এৰাই চলিবলৈ আগতীয়াকৈ বাহনত ইন্ধন ভৰাই ল’বলৈ সন্থাই মহানগৰবাসীক পৰামৰ্শ দিছে। আনহাতে, কামৰূপ মহানগৰ জিলা প্ৰশাসনক বিষয়টোত হস্তক্ষেপ কৰি ডিলাৰসকলৰ সমস্যাৰ সমাধানৰ ব্যৱস্থা কৰিবলৈ নাগৰিকে আহ্বান জনাইছে।
