November 21, 2026

Global Assam News

Global and Local Assam News Website

২০২৭ত GMC নিৰ্বাচন এপ্ৰিল-মে’ত
  • ২০২৭ৰ মাৰ্চত ৰাজ্যৰ অন্যান্য ULB নিৰ্বাচন।

  • এপ্ৰিল-মে’ত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন।

  • MAC আৰু SKAC নিৰ্বাচন ৩০ নৱেম্বৰত।

  • বিদ্যুতৰ মাচুল বৃদ্ধি তিনিমাহৰ বাবে সাময়িক।

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ৪ নৱেম্বৰ: অসমত ২০২৭ চনৰ আৰম্ভণিতে অনুষ্ঠিত হ’বলগীয়া পৌৰ নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীৰ ঘোষণা অনুসৰি, ২০২৭ চনৰ মাৰ্চ মাহত ৰাজ্যখনৰ অন্যান্য নগৰীয়া স্থানীয় নিকায়সমূহৰ (ULB) নিৰ্বাচন অনুষ্ঠিত হ’ব। আনহাতে, গুৱাহাটী পৌৰ নিগমৰ (GMC) নিৰ্বাচন এপ্ৰিল-মে’ মাহত অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে।

মঙলবাৰে গুৱাহাটীত বিজেপিৰ ৰাজ্যিক ষ্টিয়েৰিং কমিটীৰ বৈঠকৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে এই নিৰ্বাচনী সময়সূচীৰ কথা প্ৰকাশ কৰে।

স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ৩০ নৱেম্বৰত

মুখ্যমন্ত্ৰীয়ে লগতে জনায় যে মিচিং স্বায়ত্তশাসিত পৰিষদ (MAC) আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ (SKAC) নিৰ্বাচন ২০২৬ চনৰ ৩০ নৱেম্বৰত অনুষ্ঠিত হ’ব। এই নিৰ্বাচনসমূহৰ বাবে প্ৰস্তুতি অব্যাহত আছে।

বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণ

ইফালে, ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি কৰা বিদ্যুতৰ মাচুল সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে স্পষ্টীকৰণ দিয়ে। তেওঁৰ মতে, বিদ্যুতৰ মাচুল বৃদ্ধি সাময়িক আৰু এই ব্যৱস্থা মাত্ৰ তিনিমাহৰ বাবেহে বাহাল থাকিব।

উল্লেখ্য যে ২০২২ চনত অনুষ্ঠিত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত মুঠ ৬০টা ৱাৰ্ডৰ ভিতৰত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ৫৮টা ৱাৰ্ডত জয়লাভ কৰিছিল। আগন্তুক ২০২৭ চনৰ পৌৰ নিৰ্বাচনে ৰাজ্যৰ নগৰীয়া স্থানীয় প্ৰশাসনৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব বহন কৰিব।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *