কোকৰাঝাৰত বাঘৰ আতংক, ৬খন গাঁৱত নিষেধাজ্ঞা
-
গেলাগুৰিত মাইকী ঢেঁকীয়াপতীয়া বাঘৰ উপস্থিতি।
-
৫ কিলোমিটাৰ ব্যাসাৰ্ধত নিষেধাজ্ঞা।
-
ছখন গাঁও নিষেধাজ্ঞাৰ আওতাত।
-
বাঘ উদ্ধাৰ অভিযানত সহযোগিতাৰ আহ্বান।
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ৩ নৱেম্বৰ: কোকৰাঝাৰ জিলাৰ গেলাগুৰি গাঁৱৰ সমীপত এটা ঢেঁকীয়াপতীয়া বাঘ (Royal Bengal Tigress) দেখা পোৱাৰ পিছতে জিলা প্ৰশাসনে অঞ্চলটোৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত নিষেধাজ্ঞা জাৰি কৰিছে। চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰা মাইকী বাঘটোৱে অসমত প্ৰৱেশ কৰা বুলি সন্দেহ কৰা হৈছে।
জিলাখনৰ ডটমা ৰাজহ চক্ৰৰ অন্তৰ্গত গেলাগুৰি গাঁৱৰ বনাঞ্চলৰ দাঁতিকাষৰীয়া অঞ্চলত ২ নৱেম্বৰত বাঘটোৰ উপস্থিতি ধৰা পৰে। কচুগাঁও বন সংমণ্ডলৰ বন বিষয়াই এই বিষয়ে প্ৰশাসনক অৱগত কৰে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS), ২০২৩ৰ ১৬৩ ধাৰাৰ অধীনত এই নিষেধাজ্ঞা জাৰি কৰে।
ছখন গাঁও নিষেধাজ্ঞাৰ আওতাত
নিষেধাজ্ঞাৰ আওতাত থকা গাঁওকেইখন হৈছে গেলাগুৰি, পূব বংশীগাঁও, পশ্চিম ডাংগাৰখুটি, উত্তৰ ভালুকমাৰী, ডাংগাৰখুটি আৰু ঘোৰামাৰী। বাঘটোক চাবলৈ বা খেদি নিবলৈ পাঁচজন বা ততোধিক লোকৰ সমাগম নিষিদ্ধ কৰা হৈছে। বনাঞ্চলত প্ৰৱেশ কৰিবলৈ সংশ্লিষ্ট বন বিষয়াৰ পূৰ্বানুমতি ল’ব লাগিব।
বাঘ উদ্ধাৰ অভিযানত বাধা দিব পৰা কাৰ্য নিষিদ্ধ
প্ৰশাসনে অঞ্চলটোত আগ্নেয়াস্ত্ৰ, দা, যাঠী, ফান্দ আৰু বিহ আদি কঢ়িওৱাত নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰ উপৰি ফটকা ফুটোৱা, ঢোল বজোৱা, মাইক ব্যৱহাৰ কৰা, জুই জ্বলোৱা আৰু বাঘটোক বিচাৰি ব্যক্তিগত ড্ৰোন ব্যৱহাৰ কৰাও নিষিদ্ধ কৰা হৈছে।
বাঘটোক মানুহখোৱা বুলি প্ৰচাৰ কৰা বা বাঘটোক গুলীয়াই হত্যা কৰা বুলি সামাজিক মাধ্যমত উৰাবাতৰি বিয়পোৱাৰ পৰাও বিৰত থাকিবলৈ প্ৰশাসনে আহ্বান জনাইছে।
বন বিভাগে বাঘটোক সুৰক্ষিতভাৱে উদ্ধাৰ কৰাৰ অভিযান সম্পূৰ্ণ হোৱা বুলি ঘোষণা নকৰালৈকে এই নিষেধাজ্ঞা বাহাল থাকিব। নিৰ্দেশ উলংঘা কৰিলে ভাৰতীয় ন্যায় সংহিতাৰ ২২৩ ধাৰাৰ অধীনত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
