সীমা বিবাদক লৈ অসমৰ দলঙৰ নিৰ্মাণ বন্ধ কৰিলে মেঘালয়ে
-
উকাটি নদীৰ ওপৰত দলঙৰ নিৰ্মাণ বন্ধ।
-
প্ৰকল্পটোৰ ব্যয় ৩.৪২ কোটি টকা।
-
বিশ্ব বেংকৰ আৰ্থিক সহযোগিতাৰে নিৰ্মাণকাৰ্য।
-
দুয়োখন ৰাজ্যৰ আলোচনাত সমাধান সূত্ৰ ওলোৱা নাই।
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ১ নৱেম্বৰ: অসম-মেঘালয় সীমান্তৰ দীৰ্ঘদিনীয়া বিবাদে পুনৰ নতুন ৰূপ ধাৰণ কৰিছে। মেঘালয় প্ৰশাসনে অসমৰ চৰকাৰৰ উদ্যোগত নিৰ্মাণ কৰি থকা ৩.৪২ কোটি টকা ব্যয়সাপেক্ষ উকাটি নদীৰ কংক্ৰিটৰ দলঙৰ নিৰ্মাণকাৰ্য বন্ধ কৰি দিছে। উমছুৰ অঞ্চলত নিৰ্মাণাধীন এই দলংখনৰ কাম বৃহস্পতিবাৰে বন্ধ কৰাৰ ফলত দুয়োখন ৰাজ্যৰ মাজত সীমা বিবাদক লৈ পুনৰ উত্তেজনাৰ সৃষ্টি হৈছে।
বিশ্ব বেংকৰ সহযোগিতাৰে নিৰ্মাণ কৰা হৈছিল দলংখন
পলাশবাৰী সহ-জিলা এলেকাৰ অন্তৰ্গত উকাটি নদীৰ ওপৰত নিৰ্মাণ কৰি থকা দলংখনত বিশ্ব বেংকৰ আৰ্থিক সহযোগিতা আছে। অসমৰ চৰকাৰে গ্ৰহণ কৰা এই প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য মেঘালয় প্ৰশাসনে সীমা বিবাদৰ প্ৰসংগ উত্থাপন কৰি বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে।
ঘটনাৰ পিছতে শুকুৰবাৰে পলাশবাৰী সহ-জিলা আয়ুক্ত ভাস্কৰজ্যোতি কলিতাই ৰাজহ চক্ৰ বিষয়া অংকিতা শৰ্মা, আৰক্ষী অধীক্ষক ডেইজী গগৈ আৰু লোকনিৰ্মাণ বিভাগ তথা বন বিভাগৰ বিষয়াসকলৰ সৈতে নিৰ্মাণস্থলী পৰিদৰ্শন কৰে।
আলোচনাৰ পিছতো ওলোৱা নাই সমাধান
পৰিদৰ্শনৰ সময়ত মেঘালয় প্ৰশাসনৰ বিষয়াসকলো উপস্থিত আছিল। দুয়োখন ৰাজ্যৰ বিষয়াসকলৰ মাজত আলোচনা অনুষ্ঠিত হয় যদিও কোনো সমাধান সূত্ৰ ওলোৱা নাই। মেঘালয়ৰ বিষয়াসকলে অসম আৰু মেঘালয় চৰকাৰৰ মাজত আলোচনাৰ জৰিয়তে সিদ্ধান্ত নোলোৱালৈকে নিৰ্মাণকাৰ্য বন্ধ ৰাখিবলৈ মত প্ৰকাশ কৰে।
পলাশবাৰী সহ-জিলা আয়ুক্ত ভাস্কৰজ্যোতি কলিতাই জানিবলৈ দিয়ে যে সীমা বিবাদৰ সৈতে জড়িত অঞ্চল বুলি আশংকা প্ৰকাশ কৰা হৈছিল যদিও পৰীক্ষা-নিৰীক্ষাৰ অন্তত নিৰ্মাণস্থলী অসমৰ এলেকাৰ ভিতৰত পৰা বুলি প্ৰশাসনে নিশ্চিত হৈছে।
লোকনিৰ্মাণ বিভাগৰ এগৰাকী বিষয়াই জনোৱা মতে, দুয়োখন ৰাজ্যৰ মাজত চূড়ান্ত সিদ্ধান্ত নোলোৱালৈকে দলংখনৰ নিৰ্মাণকাৰ্য স্থগিত থাকিব। ইয়াৰ ফলত সীমান্তৱৰ্তী অঞ্চলৰ বাসিন্দাসকলৰ মাজতো উদ্বেগৰ সৃষ্টি হৈছে।
