November 22, 2026

Global Assam News

Global and Local Assam News Website

অসমত স্থাপন হ’ব দেশৰ প্ৰথম চৰকাৰী প্ৰ’টন থেৰাপী কেন্দ্ৰ
  • গুৱাহাটীত ৬০০ কোটি টকাৰে নিৰ্মাণ হ’ব প্ৰ’টন থেৰাপী কেন্দ্ৰ।

  • বিশ্ব বেংকৰ ৩১৫ কোটি টকাৰ আৰ্থিক সহযোগিতা।

  • শিশু কৰ্কট ৰোগীৰ উন্নত চিকিৎসাৰ সুবিধা।

  • চিকিৎসক আৰু স্বাস্থ্যকৰ্মীক বিশেষ প্ৰশিক্ষণ।

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ১ নৱেম্বৰ: কৰ্কট ৰোগৰ উন্নত চিকিৎসা সেৱাৰ ক্ষেত্ৰত এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে। গুৱাহাটীত দেশৰ প্ৰথমটো ৰাজ্য চৰকাৰৰ উদ্যোগত স্থাপন হ’বলগীয়া প্ৰ’টন বিম থেৰাপী কেন্দ্ৰ নিৰ্মাণৰ বাবে প্ৰায় ৬০০ কোটি টকাৰ এক গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰা হৈছে। শনিবাৰে অসম চৰকাৰ আৰু বেলজিয়ামৰ প্ৰতিষ্ঠান IBA Particle Therapy India Pvt Ltdৰ মাজত এই চুক্তি সম্পন্ন হয়।

৬০০ কোটি টকাৰে নিৰ্মাণ হ’ব অত্যাধুনিক চিকিৎসা কেন্দ্ৰ

এই প্ৰকল্পত বিশ্ব বেংকৰ পৰা ৩১৫ কোটি টকা আৰু অসম চৰকাৰৰ পৰা ২৮৫ কোটি টকা বিনিয়োগ কৰা হ’ব। কেন্দ্ৰটোত অত্যাধুনিক ProteusONE প্ৰযুক্তি ব্যৱহাৰ কৰা হ’ব। এই প্ৰযুক্তিৰ জৰিয়তে কৰ্কট ৰোগীৰ শৰীৰৰ নিৰ্দিষ্ট অংশত অধিক নিখুঁতভাৱে ৰশ্মি প্ৰয়োগ কৰি চিকিৎসা প্ৰদান কৰিব পৰা যাব।

বিশেষকৈ শিশু কৰ্কট ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত এই পদ্ধতি যথেষ্ট সহায়ক হ’ব। ইয়াৰ ফলত মগজু, হৃদযন্ত্ৰ আৰু মেৰুদণ্ডৰ দৰে গুৰুত্বপূৰ্ণ অংগসমূহৰ ক্ষতিৰ আশংকা হ্ৰাস কৰাৰ লগতে চিকিৎসাৰ দীৰ্ঘম্যাদী পাৰ্শ্বক্ৰিয়া কমোৱাত সহায় কৰিব।

চিকিৎসক আৰু স্বাস্থ্যকৰ্মীক প্ৰশিক্ষণ প্ৰদান

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই প্ৰকল্পক অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যখণ্ডৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলি অভিহিত কৰে। চুক্তি অনুসৰি চিকিৎসক, চিকিৎসা পদাৰ্থবিজ্ঞানী, কাৰিকৰী কৰ্মী আৰু অন্যান্য স্বাস্থ্যকৰ্মীক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। প্ৰয়োজনীয় কৰ্মচাৰীসকলক বিদেশৰ উন্নত চিকিৎসা কেন্দ্ৰতো প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হ’ব।

ইফালে, অসম চৰকাৰৰ অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাত ১৭টা কৰ্কট চিকিৎসালয় স্থাপনৰ কাম চলি আছে। ইয়াৰে ১২টা ইতিমধ্যে কাৰ্যক্ষম হৈছে আৰু বাকী পাঁচটা অহা একৰ পৰা দুবছৰৰ ভিতৰত কাৰ্যক্ষম কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

এই অত্যাধুনিক চিকিৎসা কেন্দ্ৰটো কাৰ্যক্ষম হ’লে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ কৰ্কট ৰোগীসকলে উন্নত চিকিৎসাৰ বাবে দেশৰ আন ৰাজ্যলৈ যোৱাৰ প্ৰয়োজনীয়তা বহু পৰিমাণে হ্ৰাস পাব বুলি আশা কৰা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *