অসমলৈ সম্প্ৰসাৰিত হ’ব দিল্লী–গুৱাহাটী বুলেট ট্ৰেইন কৰিডৰ
-
দিল্লী–গুৱাহাটী বুলেট ট্ৰেইন কৰিডৰৰ অনুমোদন।
-
শিলিগুৰিৰ পৰা গুৱাহাটীলৈ সম্প্ৰসাৰণ।
-
দিল্লী–গুৱাহাটী যাত্ৰা ৮ ঘণ্টাতকৈ কম হোৱাৰ সম্ভাৱনা।
-
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰক ধন্যবাদ।
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ১ নৱেম্বৰ: উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’ল যোগাযোগ ব্যৱস্থাত এক নতুন অধ্যায়ৰ সূচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লী–গুৱাহাটী প্ৰস্তাৱিত বুলেট ট্ৰেইন কৰিডৰ সম্প্ৰসাৰণৰ অনুমোদন জনাইছে। পূৰ্বে পশ্চিমবংগৰ শিলিগুৰিলৈকে সীমাবদ্ধ ৰখাৰ পৰিকল্পনা কৰা এই দ্ৰুতবেগী ৰে’ল কৰিডৰ এতিয়া অসমৰ গুৱাহাটীলৈকে সম্প্ৰসাৰিত হ’ব।
কেইবাখনো গুৰুত্বপূৰ্ণ চহৰ সংযোগ কৰিব প্ৰস্তাৱিত কৰিডৰে
কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৩১ অক্টোবৰত উত্তৰ বুলেট ট্ৰেইন কৰিডৰৰ অনুমোদনৰ কথা ঘোষণা কৰে। প্ৰস্তাৱিত পথটো দিল্লীৰ পৰা আৰম্ভ হৈ আগ্ৰা, কানপুৰ, লক্ষ্ণৌ, অযোধ্যা, বাৰাণসী, প্ৰয়াগৰাজ, পাটনা আৰু শিলিগুৰি হৈ গুৱাহাটীত উপস্থিত হ’ব।
এই প্ৰকল্প সম্পূৰ্ণ হ’লে দিল্লীৰ পৰা গুৱাহাটীলৈ যাত্ৰাৰ সময় ৮ ঘণ্টাতকৈও কম হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান ৰে’লেৰে এই যাত্ৰাত প্ৰায় ৩০ৰ পৰা ৩৫ ঘণ্টা সময় লাগে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্তক আদৰণি জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ উল্লেখ কৰে যে গুৱাহাটীলৈ কৰিডৰ সম্প্ৰসাৰণৰ বাবে তেওঁ পূৰ্বে ৰে’লমন্ত্ৰীক লিখিতভাৱে অনুৰোধ জনোৱাৰ লগতে জুলাই মাহত সাক্ষাৎ কৰিছিল।
মুখ্যমন্ত্ৰীৰ মতে, এই প্ৰকল্পই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ব্যৱসায়-বাণিজ্য, উদ্যোগ, বিনিয়োগ আৰু কৰ্মসংস্থাপনৰ নতুন সুযোগ সৃষ্টি কৰিব। বিশেষকৈ ৰাজ্যখনত উচ্চ প্ৰযুক্তিৰ উদ্যোগ স্থাপনৰ ক্ষেত্ৰত উন্নত যাতায়াত ব্যৱস্থাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
প্ৰকল্পটো ৰূপায়ণ হ’লে অসম দেশৰ দ্ৰুতবেগী ৰে’ল যোগাযোগ ব্যৱস্থাৰ সৈতে সংযুক্ত হোৱাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰতো নতুন সম্ভাৱনাৰ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে। অৱশ্যে প্ৰকল্পটোৰ নিৰ্মাণৰ সময়সূচী আৰু সম্পূৰ্ণ ৰূপায়ণৰ বিতং তথ্য এতিয়াও প্ৰকাশ পোৱা নাই।
