November 21, 2026

Global Assam News

Global and Local Assam News Website

জুবিন গোচৰ: দুজনৰ জামিনৰ বিৰুদ্ধে SCত অসম চৰকাৰ
  • সন্দীপন গাৰ্গ আৰু অমৃতপ্ৰভা মহন্তৰ জামিনক প্ৰত্যাহ্বান।

  • উচ্চতম ন্যায়ালয়ত বিশেষ অনুমতি আবেদন দাখিল।

  • জুবিনৰ পৰিয়ালে ৰাজ্যপালক সাত দফীয়া স্মাৰকপত্ৰ প্ৰদান।

  • ফাষ্টট্ৰেক আদালতত ১৩৪গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ।

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ৩০ অক্টোবৰ: জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত সন্দীপন গাৰ্গ আৰু অমৃতপ্ৰভা মহন্তৰ জামিনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে অসম চৰকাৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে দুয়োগৰাকী অভিযুক্তক জামিন প্ৰদান কৰা পৃথক নিৰ্দেশৰ বিৰুদ্ধে চৰকাৰে বিশেষ অনুমতি আবেদন (Special Leave Petition বা SLP) দাখিল কৰিছে।

অসম চৰকাৰৰ এই পদক্ষেপৰ কথা নিশ্চিত কৰি CIDৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান তথা বিশেষ তদন্তকাৰী দলৰ (SIT) মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই জানিবলৈ দিয়ে যে উচ্চ ন্যায়ালয়ৰ জামিনৰ নিৰ্দেশসমূহ পৰীক্ষা কৰাৰ লগতে আইনী পৰামৰ্শ গ্ৰহণ কৰাৰ পিছতে উচ্চতম ন্যায়ালয়ত আবেদন জনোৱাৰ সিদ্ধান্ত লোৱা হৈছে।

জুবিনৰ পৰিয়ালৰ স্মাৰকপত্ৰৰ পিছতে আইনী পদক্ষেপ

উল্লেখ্য যে চলিত মাহৰ আৰম্ভণিতে গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিনৰ সহশিল্পী অমৃতপ্ৰভা মহন্ত আৰু নিলম্বিত অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক সন্দীপন গাৰ্গক পৃথক পৃথক নিৰ্দেশযোগে জামিন প্ৰদান কৰিছিল। ইয়াৰ পিছতে জুবিনৰ পৰিয়ালে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ওচৰত সাত দফীয়া স্মাৰকপত্ৰ দাখিল কৰি গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া কঠোৰভাৱে আগবঢ়োৱাৰ দাবী জনাইছিল।

দৈনিক শুনানি চলি আছে ফাষ্টট্ৰেক আদালতত

ইফালে, গুৱাহাটীৰ ফাষ্টট্ৰেক আদালতত গোচৰটোৰ দৈনিক শুনানি অব্যাহত আছে। এই পৰ্যন্ত আদালতত ১৩৪গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে বুলি তদন্তকাৰী সংস্থাই জানিবলৈ দিছে। চৰকাৰী পক্ষৰ মতে, বিচাৰ প্ৰক্ৰিয়াৰ এই গুৰুত্বপূৰ্ণ পৰ্যায়ত অভিযুক্তসকলৰ জামিনে সাক্ষী আৰু ন্যায়িক প্ৰক্ৰিয়াৰ ওপৰত প্ৰভাৱ পেলোৱাৰ আশংকা আছে।

উল্লেখ্য যে ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত সাগৰত সাঁতুৰিবলৈ গৈ মৃত্যুক সাবটি লৈছিল শিল্পীগৰাকীয়ে। এই ঘটনাৰ তদন্ত অসম আৰক্ষীৰ CIDৰ বিশেষ তদন্তকাৰী দলে চলাই আহিছে। গোচৰটোত হত্যাকাণ্ড আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *