November 21, 2026

Global Assam News

Global and Local Assam News Website

বৰাকত তৈলপাম-আনাৰস খেতি পৰিদৰ্শন পীয়ুষ হাজৰিকাৰ
  • দেৱান চাহ বাগিচাত তৈলপাম খেতি পৰিদৰ্শন।

  • মাৰ্কুলিনত আনাৰস খেতিয়কৰ সৈতে মত বিনিময়।

  • কৃষকৰ সমস্যা আৰু দাবীসমূহৰ বুজ লয় মন্ত্ৰীয়ে।

  • আনাৰসৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ যোগান।

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ২৯ অক্টোবৰ:অসমৰ কৃষি আৰু উদ্যান শস্যৰ বিকাশৰ সম্ভাৱনা পৰ্যালোচনা কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে বৰাক উপত্যকা ভ্ৰমণ কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই। তেওঁ কাছাৰ জিলাৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দেৱান চাহ বাগিচাত তৈলপাম খেতি আৰু ফুলেৰথলৰ মাৰ্কুলিন অঞ্চলত আনাৰসৰ খেতি পৰিদৰ্শন কৰে।

তৈলপাম খেতিৰ অগ্ৰগতি পৰ্যালোচনা

শিলচৰত উপস্থিত হোৱাৰ পাছতে মন্ত্ৰীগৰাকীয়ে দেৱান চাহ বাগিচালৈ গৈ তৈলপামৰ খেতি আৰু উৎপাদন প্ৰক্ৰিয়াৰ বুজ লয়। বৰাক উপত্যকাৰ কৃষকসকলে পৰম্পৰাগত খেতিৰ লগতে বিকল্প শস্যৰ খেতিৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰাত তেওঁ সন্তুষ্টি ব্যক্ত কৰে।

আনাৰস খেতিয়কৰ সমস্যা সমাধানৰ আশ্বাস

ইয়াৰ পাছতে মাৰ্কুলিন অঞ্চলৰ আনাৰসৰ খেতি পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে স্থানীয় কৃষকসকলৰ সৈতে মত বিনিময় কৰে। কৃষকসকলে খেতিৰ বিভিন্ন সমস্যা আৰু দাবীসমূহ তেওঁৰ সন্মুখত দাঙি ধৰে।

মন্ত্ৰীগৰাকীয়ে মাৰ্কুলিনৰ আনাৰসক অসমৰ গৌৰৱ বুলি উল্লেখ কৰি কয় যে এই আনাৰস দেশৰ বিভিন্ন বজাৰলৈ যোগান ধৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰতো ৰপ্তানি কৰা হয়। কৃষকসকলৰ কেতবোৰ দাবী শীঘ্ৰে সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও তেওঁ আশ্বাস দিয়ে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *