November 22, 2026

Global Assam News

Global and Local Assam News Website

হেলেনা ভৰালীৰ সফলতাৰ যাত্ৰাৰ কৰুণ পৰিসমাপ্তি

হেলেনা ভৰালীৰ সফলতাৰ যাত্ৰাৰ কৰুণ পৰিসমাপ্তি
  • মহিলা উদ্যোগী হেলেনা ভৰালীৰ মৃত্যু
  • আঠখন বিছনাৰ পৰা ৬০গৰাকীৰ ছাত্ৰী নিবাস
  • ইউনিফৰ্ম যোগান আৰু মুগা বস্ত্ৰৰ ব্যৱসায়
  • হোটেলৰ লীজকেন্দ্ৰিক বিবাদৰ তদন্ত

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ২৮ অক্টোবৰ: নিজৰ একাগ্ৰতা, কঠোৰ পৰিশ্ৰম আৰু ব্যৱসায়িক দক্ষতাৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰা অসমৰ মহিলা উদ্যোগী হেলেনা ভৰালীৰ জীৱন ২৬ অক্টোবৰৰ নিশা গুৱাহাটীৰ ব’ৰা ছাৰ্ভিচস্থিত হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাত কৰুণভাৱে শেষ হয়। এই ঘটনাত তেওঁৰ পুত্ৰ, বোৱাৰী আৰু ককায়েকৰো মৃত্যু হয়।

আঠখন বিছনাৰ পৰা ৬০গৰাকী ছাত্ৰীৰ আৱাসলৈ

বৰপেটাৰ ইছাপুৰহাটীৰ ব্যৱসায়ী বিলাস ভৰালী আৰু টুংলতা ভৰালীৰ কন্যা হেলেনাই পুত্ৰৰ উন্নত শিক্ষাৰ সুবিধাৰ বাবে গুৱাহাটীলৈ আহিছিল। ইয়াৰ পিছতে তেওঁ ব্যৱসায়ৰ জগতত নিজৰ পৰিচয় গঢ়ি তোলাৰ প্ৰচেষ্টা আৰম্ভ কৰে।

জোনালীৰ এটা অট্টালিকাত প্ৰথমে ভাড়াঘৰৰ ব্যৱসায় আৰম্ভ কৰা হেলেনাই পিছলৈ ছাত্ৰী নিবাস স্থাপন কৰে। মাত্ৰ আঠখন বিছনাৰে আৰম্ভ কৰা এই ছাত্ৰী নিবাসখন ক্ৰমান্বয়ে ৬০গৰাকী ছাত্ৰীৰ থকাৰ সুবিধা থকা প্ৰতিষ্ঠানলৈ সম্প্ৰসাৰিত হয়। ব্যৱসায়ৰ প্ৰয়োজনত তেওঁ নিজেই তত্ত্বাৱধায়ক, নিৰাপত্তাৰক্ষী আনকি ৰান্ধনীৰ দায়িত্বও পালন কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ছাত্ৰৰ বাবেও আৱাস স্থাপন কৰে।

বস্ত্ৰ ব্যৱসায়তো গঢ়িছিল নিজৰ পৰিচয়

হেলেনাই ‘হেলেনছ টেকনিকেল এণ্টাৰপ্ৰাইজ’ৰ জৰিয়তে বিভিন্ন জিলাৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক ইউনিফৰ্ম যোগান ধৰিছিল। ইয়াৰ উপৰি জু-ৰোডত ‘মুগা ছিল্ক হাউছ’ নামৰ বুটিক আৰম্ভ কৰাৰ লগতে প্ৰায় ছয় বছৰ পূৰ্বে পৰম্পৰাগত অসমীয়া বস্ত্ৰৰ ব্যৱসায় ‘মুগা’ প্ৰতিষ্ঠা কৰিছিল।

নিজৰ উদ্যোগ আৰু পৰিশ্ৰমেৰে ব্যৱসায়িক ক্ষেত্ৰত প্ৰতিষ্ঠা লাভ কৰা হেলেনাৰ এই যাত্ৰাৰ আকস্মিক পৰিসমাপ্তিয়ে বহু লোকক শোকস্তব্ধ কৰিছে।

আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি, হোটেলখনৰ লীজ আৰু পৰিচালনাক লৈ হোৱা বিবাদৰ পৰিণতিত এই গুলীচালনাৰ ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। অভিযুক্ত ঘনকান্ত গগৈক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু ঘটনাটোৰ তদন্ত অব্যাহত আছে।

 

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *