November 22, 2026

Global Assam News

Global and Local Assam News Website

নতুন দিল্লীত কালিচৰণ ব্ৰহ্ম আৰু গান্ধীক লৈ আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ

নতুন দিল্লীত কালিচৰণ ব্ৰহ্ম আৰু গান্ধীক লৈ আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ
  • নতুন দিল্লীৰ ৰাজঘাটত আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত।
  • গুৰুদেৱ কালিচৰণ ব্ৰহ্ম আৰু মহাত্মা গান্ধীৰ আদৰ্শৰ ওপৰত আলোচনা।
  • জাপান আৰু অষ্ট্ৰেলিয়াৰ শিক্ষাবিদৰ অংশগ্ৰহণ।
  • খিলঞ্জীয়া সমাজৰ সামাজিক, শৈক্ষিক আৰু সাংস্কৃতিক সৱলীকৰণত গুৰুত্ব।

সমগ্ৰ সমাচাৰ সেৱা

নতুন দিল্লী,২৫ অক্টোবৰ: বড়ো সমাজৰ সমাজ সংস্কাৰক গুৰুদেৱ কালিচৰণ ব্ৰহ্ম আৰু জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শ, দৰ্শন তথা খিলঞ্জীয়া সমাজৰ সৱলীকৰণৰ বিষয়ক লৈ নতুন দিল্লীত এখন আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হয়।

খিলঞ্জীয়া সমাজৰ সৱলীকৰণৰ ওপৰত গুৰুত্ব

গুৰুদেৱ কালিচৰণ ব্ৰহ্ম ট্ৰাষ্টে (GKBT) গান্ধী হিন্দুস্তানী সাহিত্য সভাৰ সহযোগত শুকুৰবাৰে নতুন দিল্লীৰ ৰাজঘাটস্থিত গান্ধী হিন্দুস্তানী সাহিত্য সভাৰ প্ৰেক্ষাগৃহত এই আলোচনা চক্ৰৰ আয়োজন কৰে। অনুষ্ঠানটোৰ মূল বিষয়বস্তু আছিল ‘গুৰুদেৱ কালিচৰণ ব্ৰহ্ম আৰু মহাত্মা গান্ধী: খিলঞ্জীয়া সমাজৰ সৱলীকৰণ’।

ট্ৰাষ্টৰ সভাপতি ড০ অজিত বড়োৱে উদ্বোধনী অধিৱেশনত সভাপতিত্ব কৰি গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ জীৱন, দৰ্শন আৰু অৱদান নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে।

অসমৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী তথা সাহিত্য অকাডেমি বঁটাপ্ৰাপক উৰ্খাও গৌৰা ব্ৰহ্মই উদ্বোধনী ভাষণ প্ৰদান কৰে। আনহাতে, হাৰিয়ানাৰ মহৰ্ষি বাল্মীকি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক ৰমেশ চি ভৰদ্বাজে মূল ভাষণ আগবঢ়ায়।

দেশ-বিদেশৰ গৱেষকৰ অংশগ্ৰহণ

আলোচনা চক্ৰখনত দিল্লী বিশ্ববিদ্যালয়ৰ লেডী আৰউইন কলেজৰ সঞ্চালক অধ্যাপক নীলম আস্থানাকে ধৰি কেইবাগৰাকীও বিশিষ্ট শিক্ষাবিদ আৰু গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

কাৰিকৰী অধিৱেশনত জাপানৰ টেনৰি বিশ্ববিদ্যালয়ৰ অধ্যাপক নৰিতা মিচিহিৰো আৰু অষ্ট্ৰেলিয়াৰ অধ্যাপক আৰ কে বশিষ্ঠই খিলঞ্জীয়া সমাজৰ সৱলীকৰণ আৰু দুয়োগৰাকী মহান ব্যক্তিৰ আদৰ্শৰ সমসাময়িক প্ৰাসংগিকতা সন্দৰ্ভত নিজৰ গৱেষণালব্ধ মতামত আগবঢ়ায়।

অনুষ্ঠানটোত দিল্লী বড়ো এছ’চিয়েচন আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ (ABSU) দিল্লী শাখাৰ প্ৰতিনিধিসকলেও অংশগ্ৰহণ কৰে। এই আলোচনা চক্ৰৰ জৰিয়তে গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ সামাজিক, শৈক্ষিক আৰু সাংস্কৃতিক অৱদানক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধিক পৰিচিত কৰাৰ প্ৰচেষ্টা চলোৱা হয়।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *