October 22, 2026

Global Assam News

Global and Local Assam News Website

জুবিনৰ ন্যায়ৰ দাবীত সচিবালয়ৰ সন্মুখত শতাধিক লোকৰ প্ৰতিবাদ

জুবিনৰ ন্যায়ৰ দাবীত সচিবালয়ৰ সন্মুখত শতাধিক লোকৰ প্ৰতিবাদ
  • জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰতিবাদ।
  • সচিবালয়ৰ সন্মুখত শতাধিক লোকৰ সমাগম।
  • আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আঁতৰাই নিয়ে।
  • স্বচ্ছ তদন্ত আৰু দোষীৰ শাস্তিৰ দাবী।

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ২১ অক্টোবৰ: প্ৰয়াত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত জড়িত দোষীসকলক শাস্তি প্ৰদানৰ দাবীত মঙলবাৰে গুৱাহাটীৰ দিছপুৰস্থিত অসম সচিবালয়ৰ সন্মুখত শতাধিক লোকে মানৱ শৃংখল গঠনৰ কাৰ্যসূচী গ্ৰহণ কৰে। কিন্তু আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক প্ৰতিবাদ সাব্যস্ত কৰাত বাধা দিয়ে আৰু বাছত উঠাই সেই স্থানৰ পৰা আঁতৰাই নিয়ে।

অখিল গগৈৰ আহ্বানত প্ৰতিবাদ

শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ আহ্বানৰ পিছতে বিভিন্ন শ্ৰেণীৰ লোক আৰু সংগঠনৰ প্ৰতিনিধিসকল সচিবালয়ৰ সন্মুখত সমবেত হয়। প্ৰতিবাদকাৰীসকলে ‘জুবিন গাৰ্গৰ ন্যায় লাগে’ বুলি লিখা প্লে’কাৰ্ড প্ৰদৰ্শন কৰাৰ লগতে ন্যায়ৰ দাবীত শ্লোগান দিয়ে।

অখিল গগৈয়ে এই কাৰ্যসূচী কোনো ৰাজনৈতিক দলৰ বেনাৰত নহয়, বৰঞ্চ ৰাইজৰ উদ্যোগত আয়োজন কৰা হৈছে বুলি উল্লেখ কৰিছিল। তেওঁ মুখ্যমন্ত্ৰীক শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদৰ কাৰ্যসূচীত বাধা নিদিবলৈও আহ্বান জনাইছিল।

স্বচ্ছ তদন্ত আৰু কঠোৰ শাস্তিৰ দাবী

উল্লেখ্য যে, ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত সাগৰত সাঁতুৰি থকাৰ সময়তে জুবিন গাৰ্গৰ মৃত্যু হৈছিল। এই ঘটনাৰ তদন্তৰ পিছত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ বিশেষ তদন্তকাৰী দলে সাতজন অভিযুক্তৰ নাম সন্নিৱিষ্ট কৰি অভিযোগনামা দাখিল কৰিছিল। ইয়াৰে চাৰিজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰা হৈছে।

শেহতীয়াকৈ গোচৰটোৰ দুজন অভিযুক্তই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰাৰ পিছত ন্যায়ৰ দাবী পুনৰ তীব্ৰতৰ হৈছে। প্ৰতিবাদকাৰীসকলে গোচৰটোৰ স্বচ্ছ তদন্ত, পৰিপূৰক অভিযোগনামা দাখিল আৰু দোষী সাব্যস্ত হোৱা লোকসকলক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে। অসম চৰকাৰে অভিযুক্তসকলৰ জামিনৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথাও ঘোষণা কৰিছে।


 

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *