২০৪ বছৰৰ পিছত অসমত বিৰল উদ্ভিদৰ পুনৰ সন্ধান
- অভয়াপুৰীত ২০৪ বছৰৰ পিছত বিৰল উদ্ভিদৰ পুনৰ সন্ধান।
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুগৰাকী গৱেষকে উদ্ভিদবিধৰ পৰিচয় নিশ্চিত কৰে।
- গৱেষণাত মাত্ৰ ১২টা উদ্ভিদৰ সন্ধান লাভ।
- উদ্ভিদবিধৰ সংৰক্ষণৰ বাবে অধিক গৱেষণাৰ প্ৰয়োজন।
সমগ্ৰ সমাচাৰ সেৱা
বঙাইগাঁও, ১৭ অক্টোবৰ:অসমৰ বঙাইগাঁও জিলাৰ অভয়াপুৰী অঞ্চলত ২০৪ বছৰৰ পিছত পুনৰ সন্ধান পোৱা গৈছে এবিধ বিৰল ফুলধৰা উদ্ভিদৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকসকলে উদ্ভিদবিধৰ পৰিচয় নিশ্চিত কৰি দীৰ্ঘদিনীয়া উদ্ভিদবৈজ্ঞানিক বিভ্ৰান্তিৰ অন্ত পেলাইছে। Ardisia colorata নামৰ এই উদ্ভিদবিধৰ সন্ধান অসমৰ জৈৱ-বৈচিত্ৰ্য আৰু উদ্ভিদ গৱেষণাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ঘটনা হিচাপে বিবেচিত হৈছে।
১৮২১ চনত প্ৰথম বৰ্ণনা কৰা হৈছিল উদ্ভিদবিধৰ
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ গৱেষক মানস বৰুৱা আৰু নীলাক্ষী দেৱীয়ে এই গৱেষণা সম্পন্ন কৰে। ১৮২১ চনত ব্ৰিটিছ উদ্যানবিদ জৰ্জ লডিজেছে প্ৰথমবাৰৰ বাবে উদ্ভিদবিধৰ বৰ্ণনা কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত ভাৰতৰ উদ্ভিদবৈজ্ঞানিক নথি-পত্ৰত ইয়াৰ পৰিচয় অস্পষ্ট হৈ পৰিছিল।
২০২০ৰ পৰা ২০২৫ চনলৈ অসমত চলোৱা উদ্ভিদ জৰীপৰ সময়ত গৱেষকসকলে উদ্ভিদবিধৰ নমুনা লাভ কৰে। প্ৰথমে ইয়াক একে ধৰণৰ আন এবিধ উদ্ভিদ বুলি সন্দেহ কৰা হৈছিল যদিও ফুল, পাত আৰু ঐতিহাসিক বৰ্ণনা পৰীক্ষা কৰাৰ পিছত ইয়াৰ সঠিক পৰিচয় নিশ্চিত কৰা হয়। গৱেষণাৰ ফলাফল আন্তঃৰাষ্ট্ৰীয় উদ্ভিদবিজ্ঞান আলোচনী Feddes Repertoriumত প্ৰকাশ পাইছে।
অভয়াপুৰীত মাত্ৰ ১২টা উদ্ভিদৰ সন্ধান
গৱেষকসকলে অভয়াপুৰীৰ নিৰ্দিষ্ট স্থানত মুঠ ১২টা উদ্ভিদৰ সন্ধান লাভ কৰিছে। এই চিৰসেউজ জোপোহাজাতীয় উদ্ভিদবিধৰ উচ্চতা প্ৰায় আধা মিটাৰৰ পৰা দুই মিটাৰলৈ হয়। ইয়াৰ পাত উজ্জ্বল আৰু ফুল গোলাপী, ৰঙচুৱা বা বেঙুনীয়া আভাযুক্ত। সাধাৰণতে এপ্ৰিলৰ পৰা জুন মাহলৈ ইয়াত ফুল ফুলে।
উদ্ভিদবিধৰ বৰ্তমানৰ বিস্তৃতি আৰু মুঠ জনসংখ্যাৰ বিষয়ে পৰ্যাপ্ত তথ্য উপলব্ধ নোহোৱাৰ বাবে গৱেষকসকলে ইয়াৰ সংৰক্ষণৰ স্থিতি ‘Data Deficient’ অৰ্থাৎ তথ্য অপৰ্যাপ্ত হিচাপে শ্ৰেণীবদ্ধ কৰিছে। সেয়েহে উদ্ভিদবিধৰ বাসস্থান সংৰক্ষণ আৰু অধিক ক্ষেত্ৰভিত্তিক গৱেষণাৰ প্ৰয়োজনীয়তা বৃদ্ধি পাইছে।
এই আৱিষ্কাৰে অসমৰ অজ্ঞাত বা উপেক্ষিত উদ্ভিদ প্ৰজাতিসমূহৰ সন্ধান, সঠিক চিনাক্তকৰণ আৰু সংৰক্ষণৰ ক্ষেত্ৰত নতুন সম্ভাৱনা মুকলি কৰিছে।
