October 16, 2026

Global Assam News

Global and Local Assam News Website

দিছপুৰত সেউজীয়া দেৱাল উদ্বোধন মুখ্যমন্ত্ৰীৰ
  • ভাগদত্ত উৰণ সেতুৰ তলত সেউজীয়া দেৱাল উদ্বোধন।
  • প্ৰকল্পটোৰ মুঠ ব্যয় ৩৪.৮২ কোটি টকা।
  • গুৱাহাটীৰ ২০টা স্থানত সেউজীয়াকৰণৰ পৰিকল্পনা।
  •  নিয়মীয়া পানী যোগান আৰু গছ-গছনিৰ যতনৰ ব্যৱস্থা।

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ১৬ অক্টোবৰ: গুৱাহাটীৰ নগৰীয়া পৰিৱেশ সেউজীয়া কৰি তোলা আৰু বায়ু প্ৰদূষণ হ্ৰাসৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে (১৫ অক্টোবৰ) দিছপুৰৰ ভাগদত্ত উৰণ সেতু-১ৰ তলত এখন উলম্ব সেউজীয়া দেৱাল (Vertical Green Wall) উদ্বোধন কৰে। গুৱাহাটী পৌৰ নিগমৰ (GMC) উদ্যোগত ৰূপায়ণ কৰা এই প্ৰকল্পৰ মুঠ ব্যয় হৈছে ৩৪.৮২ কোটি টকা।

গুৱাহাটীৰ ২০টা স্থানত সেউজীয়াকৰণৰ পৰিকল্পনা

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় স্বচ্ছ বায়ু কাৰ্যসূচী (NCAP)ৰ অধীনত এই প্ৰকল্প ৰূপায়ণ কৰা হৈছে। ইয়াৰ জৰিয়তে গুৱাহাটীৰ বিভিন্ন উৰণ সেতুৰ তলৰ ২০টা নিৰ্বাচিত স্থানত উলম্ব সেউজীয়া দেৱাল স্থাপন কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে নগৰাঞ্চলত সেউজীয়া পৰিৱেশ বৃদ্ধি কৰা আৰু চহৰখনৰ সৌন্দৰ্য উন্নত কৰা।

গছ-গছনিৰ নিয়মীয়া যতনৰ ব্যৱস্থা

উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে উৰণ সেতুৰ তলৰ অৱ্যৱহৃত স্থানসমূহ সেউজীয়া পৰিৱেশলৈ ৰূপান্তৰিত কৰাৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰে। গছ-গছনিসমূহৰ সুস্থ বৃদ্ধি আৰু দীৰ্ঘম্যাদী সংৰক্ষণ নিশ্চিত কৰিবলৈ নিয়মীয়া পানী যোগানৰ বিশেষ ব্যৱস্থাও কৰা হৈছে।

এই প্ৰকল্পৰ জৰিয়তে গুৱাহাটীৰ নগৰীয়া পৰিৱেশ উন্নত কৰাৰ লগতে পৰিৱেশ সংৰক্ষণৰ প্ৰতি জনসাধাৰণৰ সজাগতা বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *